ETV Bharat / bharat

বাকী থকা সকলো ঋণ পৰিশোধ কৰাৰ ইচ্ছা প্ৰকাশ মালিয়াৰ - বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ লকডাউনৰ মাজতেই সকলো ঋণ পৰিশোধ কৰাৰ ইচ্ছা প্ৰকাশ । ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেনত থকা মালিয়াই লকডাউনত কেন্দ্ৰৰ পৰা সহায়ৰ হাত বিচাৰি উল্লেখ কৰে যে, সকলো ঋণ পৰিশোধৰ বাবে প্ৰস্তুত । কিন্তু বেংক আৰু ইডিৰ পৰা সহযোগিতা নোপোৱাৰ অভিযোগ ।

বাকী থকা সকলো ঋণ পৰিশোধ কৰাৰ ইচ্ছা প্ৰকাশ মালিয়াৰ

author img

By

Published : Mar 31, 2020, 6:18 PM IST

নিউজ ডেস্ক, ৩১ মাৰ্চঃ সুৰা মাফিয়া বিজয় মালিয়াই মঙলবাৰে ভাৰতীয় বেংকক দিবলগীয়া ঋণ পৰিশোধ কৰাৰ প্ৰস্তাৱ দাঙি ধৰে । লকডাউনৰ মাজতেই ঋণ পৰিশোধৰ ইচ্ছা প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰাও সহায় বিচাৰে ব্যৱসায়ীজনে ।

ভাৰতত এতিয়া লকডাউন । আমি ইয়াক সন্মান কৰো । কিন্তু ভাৰতত ব্যৱসায় কৰি থকা মোৰ সকলো কোম্পানী বৰ্তমান বন্ধ । সকলো উৎপাদনো বন্ধ । তৎসত্বেও আমি আমাৰ কৰ্মচাৰী সকলক ৰাখি থৈছো আৰু দৰমহা প্ৰদান কৰিছো । গতিকে এই ক্ষেত্ৰত চৰকাৰে আমাক সহায় কৰা প্ৰয়োজন । টুইট যোগে এই কথা সদৰী কৰে ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেনত থকা ব্যৱসায়ী মালিয়াই ।

মালিয়াই লগতে কয়, তেওঁ কেইবা বাৰো নিজৰ বাকী থকা ঋণ পৰিশোধৰ কথা উল্লেখ কৰিছে, কিন্তু বেংক আৰু ইডি (Enforcement Directorate)য়ে সহযোগিতা কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে । আনহাতে এই সংকটৰ সময়ত তেওঁৰ কথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুনিব বুলি আশা প্ৰকাশ কৰিছে মালিয়াই ।

বিগত চাৰি বছৰৰ পৰা ভাৰতৰ পৰা পলাই বিদেশ বাস কৰি আছে বিজয় মালিয়াই । তেওঁৰ ওপৰত ১৩ টা ভাৰতীয় বেংকৰ পৰা প্ৰায় ৯,০০০ কোটি টকা ধাৰ লৈ পলায়ন কৰাৰ অভিযোগ আছে ।

লগতে চাওক- সৰ্বত্ৰ লকডাউনঃ ভাৰত-নেপাল সীমান্তত আৱদ্ধ শ-শ শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.