ETV Bharat / bharat

দেশত মুকলি হ'ল ধৰ্মীয় স্থান, হোটেল, ৰেষ্টুৰেণ্ট, শ্বোপিং ম'ল - unlock one

কোন্টেইমেণ্ট জ'ন সমূহত খুলিব নোৱাৰিব কোনো ৰেষ্টুৰেণ্ট, শ্বোপিং ম'ল অথবা ধৰ্মীয় অনুষ্ঠান। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিয়মাৱলী অনুসৰি উক্ত জ'ন সমূহত বাহাল থাকিব ল'ক ডাইনৰ সকলো নিয়মাৱলী।

দেশত আজিৰে পৰা খোলা হয় ধৰ্মীয় স্থান, হোটেল, ৰেষ্টুৰেণ্ট, শ্বোপিং মল
malls restaurants religious places to reopen from today
author img

By

Published : Jun 8, 2020, 5:42 PM IST

নিউজ ডেস্ক, ৮ জুনঃ আজিৰে পৰা দেশত পুনৰ খোলা হয় ধৰ্মীয় অনুষ্ঠান, ৰেষ্টুৰেণ্ট, শ্বোপিং ম'ল আদি। গৃহ মন্ত্ৰণালয়ে জাৰি কৰা 'আনল'ক ৱানৰ' নিৰ্দেশাৱলী অনুসৰি প্ৰায় দুমাহৰ অন্তত আজি খোলা হয় ধৰ্মীয় অনুষ্ঠান, ৰেষ্টুৰেণ্ট, ম'ল আদি। কিন্তু এই সকলোতে পূৰ্বৰ দৰে দৰ্শনাৰ্থী তথা গ্ৰাহকে ভিৰ কৰিব নোৱাৰিব। সকলো লোকে মাস্ক পৰিধান কৰি বজাৰলৈ ওলাই অহাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই থাকিব লাগিব।

একেদৰে, ধৰ্মীয় অনুষ্ঠান সমূহতো পূৰ্বৰ দৰে বিতৰণ কৰা নহ'ব প্ৰসাদ। মন্দিৰ কৰ্তৃপক্ষৰ লগতে শ্বোপিং ম'ল আদি সকলোতে থাকিব লাগিব হেণ্ড ছেনিটাইজাৰ আৰু থাৰ্মেল স্ক্ৰীণিঙৰ ব্যৱস্থা। যদি কোনো লোকে গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিয়মাৱলীসমূহ মানি নচলে তেন্তে ভৰিব লাগিব জৰিমনা।

কিন্তু কোন্টেইমেণ্ট জ'ন সমূহত খুলিব নোৱাৰিব কোনো ৰেষ্টুৰেণ্ট, শ্বপিং ম'ল অথবা ধৰ্মীয় অনুষ্ঠান। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিয়মাৱলী অনুসৰি উক্ত জ'ন সমূহত বাহাল থাকিব ল'ক ডাইনৰ সকলো নিয়মাৱলী । লগতে, সমগ্ৰ দেশতে নিশা ৯ বজাৰ পৰা বাহাল থাকিব সান্ধ্য আইন।

উল্লেখ্য যে, দেশত কোভিড ১৯ৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰথমে জনতা কাৰ্ফিউ ঘোষণা কৰিছিল। তাৰ এদিন পাছতে দেশজুৰি ল'কডাউন ঘোষণা কৰিছিল চৰকাৰে। তেতিয়াৰ পৰাই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বিপণী, ফাৰ্মাচী আদিৰ বাহিৰে সকলো ধৰ্মীয় অনুষ্ঠান, ৰেষ্টুৰেণ্ট, শ্বপিং ম'ল আদি বন্ধ হৈ আছিল। ইয়াৰ ফলত দেশত দেখা দিছিল ভয়াৱহ আৰ্থিক সংকট। সেয়ে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখন পুনৰ সুস্থিৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে 'আনল'ক ৱান' ঘোষণা কৰিছিল।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.