ETV Bharat / bharat

নীতি-নিৰ্দেশনা মানি সোমবাৰৰ পৰা মুকলি কৰা হ'ব দেশৰ ৰাজধানীৰ ১০০ টা চপিং ম'ল

author img

By

Published : Jun 7, 2020, 9:39 PM IST

দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰৰ পৰা চপিং ম'ল সমূহ খুলিবলৈ অনুমতি প্ৰদান কৰিছে । সকলো নীতি-নিৰ্দেশনা মানি ম'ল খোলাৰ অনুমতি প্ৰশাসনৰ ।

malls-ready-for-re-opening-on-monday-focus-on-contactless-shopping-physical-distancing

নিউজ ডেস্ক, ৭ জুন : দীৰ্ঘদিনৰ লক্ ডাউনৰ অন্তত দেশৰ ৰাজধানী নতুন দিল্লীত সোমবাৰৰ পৰা চপিং ম'ল সমূহ খুলিবলৈ অনুমতি প্ৰদান কৰিছে ।

আম আদমী পাৰ্টিৰ কনভেনাৰ বুজেছ গোয়ালে জনোৱা অনুসৰি, ৰাজধানী দিল্লীত সৰ-বৰ ১০০ টা চপিং ম'ল আছে ।

তেখেতে আকৌ জনাই যে, লক্ ডাউনৰ বাবে চপিং ম'লত কৰ্মৰত কৰ্মচাৰীৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । এই ম'ল সমূহত প্ৰায় ১০০০ লোক কৰ্মৰত হৈ আছে । ম'ল সমূহ সামাজিক দুৰত্বত আৰু স্বাস্থ বিধি মানি খুলিবলৈ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে । ম'লত অহা সকলো লোককে মাস্ক পৰিধান কৰাৰ লগতে আৰোগ্য সেতু ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

সকলো ম'লৰ প্ৰৱেশ দ্ধাৰত স্কিনিং মেচিনৰ লগতে চেনিটাইজাৰ দিয়াতো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

আনহাতে, ম'ল সমূহত গৰ্ভৱতী মহিলা, ১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ বৃদ্ধ লোকক প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান নকৰে কতৃপক্ষই ।

লগতে পঢ়ক : ট্ৰাম্পৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চান জুকাৰবাৰ্গ শাখাৰ ১৪০ জন বিজ্ঞানীৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.