নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কোভিড-১৯ মহামাৰী বাবে দেশত এতিয়া লক ডাউন ২.০ । এই লক ডাউনৰ মাজতেই ভাৰতৰ প্ৰখ্যাত চিনেমা নিৰ্মাতা একতা কাপুৰ, আনন্দ এ ৰায়, ছাজিদ নাদিয়াদৱালা, দিনেশ ভিজান, নিতিশ তিৱাৰী আৰু মহাবীৰ জৈনে যুটীয়া ভাৱে লক ডাউনক বিষয় বস্তু হিচাপে লৈ আৰম্ভ কৰিছে #IndiaLetsMakeAFilm অভিযানৰ । ম'বাইলৰ জৰিয়তে প্ৰেৰণামূলক চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত মানুহৰ মাজত উৎসাহ জগাবলৈয়ে এই অভিযানৰ আৰম্ভ কৰা হৈছে । ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ নাগৰিকক ১ মিনিটৰ ম'বাইল ভিডিঅ'ত এণ্ট্ৰিৰ আহ্বান কৰা হৈছে ।
-
Glad to present this amazing initiative by my friends #IndiaLetsMakeAFilm Make 1 minute inspiring film on ur mobile while staying home #ChangeWithin #NeetuMahaveerJain #SajidNadiadwala #DineshVijan #MaulikBhagat @aanandlrai @ektarkapoor @niteshtiwari22 @CastingChhabra @montoo pic.twitter.com/pILX627gHd
— Karan Johar (@karanjohar) April 15, 2020 " class="align-text-top noRightClick twitterSection" data="
">Glad to present this amazing initiative by my friends #IndiaLetsMakeAFilm Make 1 minute inspiring film on ur mobile while staying home #ChangeWithin #NeetuMahaveerJain #SajidNadiadwala #DineshVijan #MaulikBhagat @aanandlrai @ektarkapoor @niteshtiwari22 @CastingChhabra @montoo pic.twitter.com/pILX627gHd
— Karan Johar (@karanjohar) April 15, 2020Glad to present this amazing initiative by my friends #IndiaLetsMakeAFilm Make 1 minute inspiring film on ur mobile while staying home #ChangeWithin #NeetuMahaveerJain #SajidNadiadwala #DineshVijan #MaulikBhagat @aanandlrai @ektarkapoor @niteshtiwari22 @CastingChhabra @montoo pic.twitter.com/pILX627gHd
— Karan Johar (@karanjohar) April 15, 2020
অংশগ্ৰহণকাৰী সকলক ১ মিনিটৰ ম'বাইল ভিডিঅ' চিনেমা বনাবলৈ, কোৱাৰেণ্টাইনৰ ভাল দিশ,আমি সফল হ'ম,লক ডাউনৰ উদ্ভাৱনৰ কাহিনী, সুৰক্ষা নীতি পালন, সহায়, লক ডাউনক লৈ সচেতনতা আৰু এই যুদ্ধত সন্মুখৰ পৰা যুঁজ দিয়া হিৰ' সকলৰ ওপৰত মুঠ ৬ টা বিষয় বস্তু নিৰ্ধাৰণ কৰি দিয়া দিছে । ইয়াৰে যিকোনো এটা বিষয় বস্তু লৈ অংশগ্ৰহণকাৰীয়ে ১ মিনিটৰ চিনেমা তৈয়াৰ কৰিব পাৰিব ।
আনহাতে নাম অন্তৰ্ভুক্ত কৰা অন্তিম সময় সীমা হৈছে ২১ এপ্ৰিল । বিজয়ী হোৱা চিনেমাখন ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা হ'ব । এই কাৰ্যক্ৰমক Change Within initiative হিচাপে তুলি ধৰা হৈছে । এই কামত জড়িত হৈ আছে মুকেশ চাব্ৰা,মন্টো বাচ্ছি,মৌলিক ভগত ।