ETV Bharat / bharat

গ্ৰেটাৰ নয়দাৰ 'মেণ্ঠল উৱেৰ হাউছ'ত ভয়ংকৰ অগ্নিকাণ্ড - মেণ্ঠল উৱেৰ হাউছ

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া অৰুণ কুমাৰ সিঙে জনোৱা অনুসৰি তিনি ঘণ্টাতকৈও অধিক সময় ধৰি অগ্নি নিৰ্বাপক বাহিনীয়ে 'উৱেৰ হাউছ'টোত সংযোগ হোৱা অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল৷

'মেণ্ঠল উৱেৰ হাউছ'ত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Aug 26, 2019, 8:07 AM IST

Updated : Aug 26, 2019, 10:19 AM IST

নিউজ ডেস্ক, 26 আগষ্টঃ সোমবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাৰ অন্তৰ্গত কাচানা এলেকা স্থিত এটা 'মেণ্ঠল উৱেৰ হাউছ'ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷ জুইৰ লেলিহান শিখাই অঞ্চলটো আৱৰি ধৰাত 18 খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে পৰিস্থিতি নিযন্ত্ৰণ কৰা হয়৷

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই অৰুণ কুমাৰ সিঙে জনোৱা অনুসৰি, তিনি ঘণ্টাত কৈও অধিক সময় ধৰি অগ্নি নিৰ্বাপক বাহিনীয়ে 'উৱেৰ হাউছ'টোত সংযোগ হোৱা অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিয়নো উৱেৰ হাউছ'টোত জমা কৰি ৰখা বৃহৎ পৰিমানৰ 'মেণ্ঠল তেল' সমূহৰ বাবে অগ্নি নিৰ্বাপন বাহিনী অসুবিধাৰ সন্মুখীন হৈছিল৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকে অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ ৰূপে অগ্নি নিৰ্বাপন কৰিবলৈ 3 ঘণ্টাত কৈও অধিক সময় লাগিব বুলি জনাই অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া গৰাকীয়ে ৷ এই অগ্নিকাণ্ডটোত কোনো লোকৰ হতাহতি হোৱা নাই৷

Last Updated : Aug 26, 2019, 10:19 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.