নিউজ ডেস্ক, 10 আগষ্টঃ মহাৰাষ্ট্ৰত বানে সংহাৰী ৰূপ ধাৰন কৰিছে ৷ ৰাজ্যখনৰ আকোলা জিলাত বানৰ কবলত পৰি মৃত্যু হয় দুগৰাকী লোকক ৷ জিলাখনৰ পাহাৰা নদীত পৰি মৃত্যু হয় মহেন্দ্ৰ ৰামাকৃষ্ণ ৱাংখেড়ে আৰু বিদ্ৰুপা নদীত পৰি মৃত্যু হয় বালাকৃষ্ণা গাভাৰগুৰু নামৰ লোকদুজনৰ ৷
![মহাৰাষ্ট্ৰ বানঃ আকোলা জিলাত দুজনৰ মৃত্যু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4094289-698-4094289-1565408129484_1008newsroom_1565429393_14.jpg)
![উদ্ধাৰকাৰ্যত ব্যস্ত নৌ-সেনা, এনডিআৰএফ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4094289_maha_1008newsroom_1565429393_327.jpg)
বানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী চমুকৈ এনডিআৰএফ আৰু ভাৰতীয় নৌ-সেনাৰ উদ্ধাৰকাৰী দল নিয়োজিত হৈ আছে ৷ কোলহাপুৰ জিলাত নৌ-সেনাৰ 14টা অভিযানকাৰী দলে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷
![বান সাহাৰ্য্য় পূঁজিলৈ এদিনৰ দৰমহা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4094289_ui_1008newsroom_1565429393_177.jpg)
ৰাজ্যখনৰ সকলো কংগ্ৰেছী বিধায়ক আৰু সাংসদে বান সাহাৰ্য্য পূঁজিলৈ নিজৰ এমাহৰ দৰমহা দান কৰাৰ কথা ঘোষনা কৰিছে ৷