নিউজ ডেস্ক, 13 জুলাই : মহাৰাষ্ট্ৰৰ থানেস্থিত এখন আদালতে সোমবাৰে গেংষ্টাৰ বিকাশ ডুৱেৰ দুগৰাকী সহযোগীক উত্তৰ প্ৰদেশ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ দুয়োকে গেংষ্টাৰ বিকাশ ডুৱেৰ সহযোগী, অৰবিন্দ ওৰফে গুদ্দন ত্ৰিবেদী আৰু তেওঁৰ গাড়ীচালক সুশীল কুমাৰ ওৰফে চনু তিৱাৰী বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী গোটে থানেৰ ধোকালিস্থিত চাওলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷
ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুয়োকে প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ এবি কাডিয়ানৰ আগত উপস্থাপন কৰে আৰু 16 জুলাইলৈ নিজৰ জিম্মাত বিচাৰে ৷ দণ্ডাধীশে দুয়োকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে এইখিনি সময়ৰ ভিতৰতে দুয়োৰে কোভিড-19 সম্পৰ্কীয় পৰীক্ষণ সম্পন্ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, 3 জুলাইত উত্তৰ প্ৰদেশৰ চৌবেপুৰ অঞ্চলৰ বিক্ৰু গাঁৱত গেংষ্টাৰ বিকাশ ডুৱেক আটক কৰিবলৈ যোৱাৰ সময়তে গুলিয়াই হত্যা কৰা হৈছিল এগৰাকী ডিএছপিকে ধৰি আঠগৰাকীকৈ আৰক্ষীক ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ ইতিহাসত এইদৰে আঠগৰাকীকৈ কৰ্মচাৰী গেংষ্টাৰৰ হাতত নিধন হোৱাৰ কোনো নজিৰ নাই ৷ পৰৱৰ্তী সময়ত মধ্য প্ৰদেশৰ উজ্জেইনৰ পৰা বিকাশ ডুৱেক মধ্য প্ৰদেশ আৰক্ষীয়ে কৰায়ত্ত কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত হোৱা এনকাউন্টাৰত নিধন হৈছিল ডুৱে ৷
ত্ৰিবেদী আৰু তিৱাৰীৰ অধিবক্তা অনিল যাদৱ আৰু জিয়া শ্বেইখে জনোৱা অনুসৰি, দুয়োৰে কানপুৰত সংঘটিত ঘটনাত কোনো হাত নাই আৰু দুয়োকে বিকাশ ডুৱেৰ সহযোগীৰ সন্দেহতে এইদৰে গ্ৰেপ্তাৰ কৰা হৈছে ৷ আদালতত দুয়োগৰাকী অধিবক্তাই জনোৱা অনুসৰি, মহাৰাষ্ট্ৰ আৰক্ষীয়ে ইন্টাৰনেটত দুয়োৰে ফটোগ্ৰাফ লাভ কৰিছিল আৰু ডুৱেৰ সহযোগী হিচাপে কৰায়ত্ত কৰিছিল ৷ দুয়োগৰাকী অধিবক্তাই ত্ৰিবেদী আৰু তিৱাৰীক বিমানেৰে উত্তৰ প্ৰদেশলৈ নিয়াৰ বাবে যুক্তি আগবঢ়ায় যদিও বিপৰীত পক্ষৰ অধিবক্তা জয়শ্ৰী কোৰ্ডে এনেকুৱা কম সময়ত বিমানৰ টিকট পোৱা নাযাব বুলি এই যুক্তি খণ্ডন কৰে ৷
লগতে পঢ়কঃ চাংলাঙৰ চাংকা হাবিত আটক চাৰি গৰাকী আলফা (স্বা) কেডাৰ