নেশ্যনেল ডেস্ক,১ অক্টোবৰ: মহাৰাষ্ট্ৰৰ পুনেৰ এটা ৰাসায়নিক দ্ৰব্যৰ উৎপাদনস্থলীত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড। পুনে আৰু সোলাপুৰ পথৰ কুৰকুম্ভ উদ্যোগিক অঞ্চলস্থিত ৰাসায়নিক দ্ৰব্য উৎপাদন কৰা প্ৰকল্পত অগ্নিকাণ্ড সংঘটিত হয়। বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিছে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই।

বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত এই ভয়াৱহ ঘটনা সংঘটিত হয়। ৰাসায়নিক দ্ৰব্যভৰ্তি ড্ৰাম মজুত কৰি ৰখা হৈছিল প্ৰকল্পটোত। জুই লগাৰ পিছতে এটাৰ পিছত আনটো ৰাসায়নিক দ্ৰব্যভৰ্তি ড্ৰাম বিস্ফোৰিত হ'বলৈ ধৰে। ঘটনাস্থলীত উপস্থিত হৈ ১ ঘণ্টাৰ ভিতৰত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে।