নিউজ ডেস্ক ,১৮ জুনঃ শ্ৰমিকৰ অভাৱৰ বাবে নবি মুম্বাইত বিপদত পৰিছে বিলদাৰ আৰু ঠিকাদাৰ সকল সম্পূৰ্ণ কৰিব পৰা নায় ঠিকা লাভ কৰা প্ৰকল্প সমূহ । মুম্বাইত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শ্ৰমিক সকলে বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ আছিল বিহাৰ,উত্তৰ প্ৰদেশ,আদি বিভিন্ন ৰাজ্যৰ । ক'ৰণা মহামাৰীৰ বাবে ৭০% শ্ৰমিক নিজ নিজ গৃহ ৰাজলৈ যোৱাৰ ফলত সমস্যাই দেখা দিছে কাম কৰাৰ ক্ষেত্ৰত ।
ইপিনে দেশত আ'নলক ১ চলি থকাৰ সময়তে পুনৰ কাম কাজ সমূহ আৰম্ভ কৰিবলৈ লৈছে ঠিকাদাৰ সকলে। কিন্ত্ত পুনৰ সমস্যাত পৰিছে ঠিকাদাৰ সকল কিয়নো তেওঁলোকে শ্ৰমিক সকলৰ লগত যোগাযোগ কৰিছে পুনৰ মুম্বাইলৈ কামৰ বাবে আহিবলৈ । সকলো যাতায়াতৰ ব্যয়,থকা খোৱা সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও তেওঁলোকে গ্ৰহণ কৰা নাই । পুনৰ অনীহা প্ৰকাশ কৰিছে এই মহামাৰী ক'ৰণাৰ মাজত মুম্বাইলৈ ঘূৰি আহিবলৈ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে বিলদাৰ আৰু ঠিকাদাৰ সকল ।
আনহাতে ই টি ভি ভাৰতৰ আগত সৰ্বেসবা ৰাজেশ প্ৰজাপতি তথা প্ৰজাপতি গ্ৰোপৰ স্বতাধিকাৰ অৱগত কৰে যে তেওঁলোকক বিভিন্ন প্ৰকল্পৰ বাবে ২০০ শ্ৰমিকৰ প্ৰয়োজন কিন্ত্ত বৰ্তমান আমাৰ হাতত ৩৫ জন হে শ্ৰমিক আছে । যাৰ বাবে সম্পূৰ্ণ কৰিব পৰা নাই প্ৰকল্প সমূহ যেতিয়াই সকলো শ্ৰমিক ঘূৰি আহিব তেতিয়াহে প্ৰকল্প সমূহ সম্পূৰ্ণ কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে ।