নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰীঃ প্লাষ্টিক প্ৰদুষণক পৰিবেশৰ এক জটিল চিন্তা হিচাপে গণ্য কৰা হয় ৷ ৰাজ্য চৰকাৰে একক ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰত প্ৰতিবন্ধকতা লগাবলৈ পাৰ্যমানে চেষ্টা কৰি আহিছে ৷ লোকক প্লাষ্টিক ব্যৱহাৰত বাধা প্ৰদান কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে সেইসকল শিক্ষাৰ্থীক পুৰস্কৃত কৰিছে, যিসকলে বিদ্যালয়ত আৱৰ্জনা সংগ্ৰহ আৰু জমা কৰি আছে ৷
মহাৰাষ্ট্ৰৰ জালনা জিলাৰ বদনপুৰ চহৰৰ এক নাগৰিক সংস্থাই প্লাষ্টিকৰ আৱৰ্জনাৰ ভয়াৱহতাৰ বিষয়ে শিশুসকলক সজাগ আৰু শিক্ষিত কৰাৰ উদ্দেশ্যে 'Ghari Sathva, Shaalet Pathva’ নামেৰে এক অভিনৱ পন্থা গ্ৰহণ কৰে ৷ তদুপৰি এই উদ্যোগৰ লগতে বিদ্যালয়ৰ ছাত্ৰ সকলক প্লাষ্টিক ব্যৱহাৰ নকৰি পৰিৱেশ সুৰক্ষাৰ বাবে শিক্ষা প্ৰদান কৰে ৷ সেই হেতুকে ছাত্ৰসকলে ঘৰৰ পৰা সকলোবোৰ প্লাষ্টিকৰ সামগ্ৰী আনে আৰু বিদ্যালয়ত সেইবোৰ একত্ৰিত কৰে ৷ বিদ্যালয়সমূহে নিৰ্ধাৰণ কৰি দিয়া তাৰিখ অনুযায়ী বদনপুৰ পৌৰ নিগমে এক বাহনৰ জৰিয়তে সেই প্লাষ্টিকৰ আনৰ্জনা সমূহ সংগ্ৰহ কৰে ৷
এই কাৰ্যক্ৰমত বহুতো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ৷ সেইসকলৰ ভিতৰত প্ৰত্যেকেই মাত্ৰ চাৰি মাহৰ ভিতৰত 500 কুইন্টল প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰিছে ৷ বদনপুৰ পৌৰ নিগমৰ মুখ্য বিষয়া ড৹ পল্লৱী আম্ভোৰে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰে ৷
ছাত্ৰসকলৰ প্ৰয়াসক প্ৰেৰণা প্ৰদান কৰি বদনপুৰৰ আৰক্ষী বিষয়া খেড়েকাৰে তেওঁলোকক উৎসাহিত কৰিবলৈ অধ্যয়ন সামগ্ৰীৰ লগতে পুৰস্কাৰেৰে পুৰস্কৃত কৰে ৷