নিউজ ডেস্ক, 29 জানুৱাৰী : মহাৰাষ্ট্ৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে এগৰাকী 40 বছৰীয়া চিকিৎসা বিষয়া ৷ মহাৰাষ্ট্ৰৰ চলাপুৰ জিলাৰ মাধাস্থিত এখন গ্ৰাম্য চিকিৎসালয়ত শুকুৰবাৰে উৎকোচ বিচৰা আৰু লোৱাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই হাতে-লুটে গ্ৰেপ্তাৰ কৰিছে চিকিৎসা বিষয়াজনক ৷
অভিযোগ অনুসৰি এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসৱ কৰোৱাৰ বাবদ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসা বিষয়াজনে মহিলাগৰাকীৰ স্বামীৰ পৰা 10,000 টকাৰ উৎকোচ বিচাৰিছিল ৷ মহিলাগৰাকীক চিকিৎসালয়ত প্ৰসৱৰ সময়ত ভৰ্তি কৰোৱাৰ সময়ত ভুক্তভোগী লোকজনে চিকিৎসা বিষয়াগৰাকীক 9 হাজাৰ টকা প্ৰদান কৰি দুৰ্নীতি নিবাৰক শাখাক খবৰ দিয়ে ৷ যাৰ পাছতে শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই এক অভিযান চলাই চিকিৎসা বিষয়াজনক হাতে-লুটে কৰায়ক্ত কৰে ৷
লগতে পঢ়ক : উত্তৰাখণ্ডত ১২৫০০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা