নিউজ ডেস্ক, ৪ মে' : মহাৰাষ্ট্ৰত দ্ৰুত হাৰত বৃদ্ধি পায়েই আছে COVID-19 আক্ৰান্তৰ সংখ্যা । ৰাজ্যখনত দেওবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হয় 678 গৰাকী লোক । ইয়াৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 12,974 গৰালৈ ।
ইফালে ৰাজ্যখনত মৃত্যুৰ সংখ্যা মুঠ 548 লৈ বৃদ্ধি হৈছে । দেওবাৰে মৃত্যু হৈছে 27 গৰাকী লোকৰ । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰে এই তথ্য ।
বৰ্তমান মহাৰাষ্ট্ৰত এক্টিভ কেচ আছে 10,311 টা । আৰোগ্য লাভ কৰিছে 2,115 গৰাকীয়ে আৰু মৃত্যু হৈছে 548 গৰাকীৰ ।