নিউজ ডেস্ক, 22 জুনঃ দেশৰ ৰাজধানীত সামান্য কথাতে আক্ৰমণৰ বলি শিক্ষক ৷ নতুন দিল্লীৰ ৰোহিনী অঞ্চলত সংঘটিত এই ঘটনাত এগৰাকী শিক্ষকক জয় শ্ৰীৰাম নোকোৱাৰ বাবে বেয়াকৈ মাৰপিট কৰে দুৰ্বৃত্তই ৷ ঘটনাৰ বলি হোৱা শিক্ষকজনক মহম্মদ মোমিন বুলি জনাইছে নতুন দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত এছ ডি মিশ্ৰাই ৷
ঘটনা অনুসৰি শিক্ষকজনক এখন বাহনত অহা তিনিগৰাকী দুৰ্বৃত্তই জয় শ্ৰীৰাম ক'বলৈ দিয়ে ৷ ধৰ্মীয় শ্লোগান দিবলৈ শিক্ষকজন অমান্তি হোৱাত তিনিওগৰাকী দুৰ্বৃত্তই মিলি বেয়াকৈ মাৰ-পিট কৰে শিক্ষকগৰাকীক ৷ ঘটনাৰ ফলত মূৰ আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় শিক্ষকগৰাকী ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷ ঘটনাস্থলীত থকা প্ৰত্যক্ষদৰ্শী আৰু চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷