ভূপাল, 16 মে': মধ্য প্ৰদেশ চৰকাৰে 9 খন জিলাক কৰ'ণা মুক্ত ঘোষণা কৰিছে। এই জিলা কেইখনত পূৰ্বতে পোৱা গৈছিল COVID-19 ৰোগী ।
স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব মহম্মদ চুলেমানে এই কথা প্ৰকাশ কৰে । তেওঁ COVID-19 বুলি ঘোষণা কৰা জিলা কেইখনৰ নাম হৈছে বাৰোৱানী, আগৰ-মালৱা, শ্বাৰজাহপুৰ, চেওপুৰ, আলিৰাজপুৰ, হাৰদা, ছাহদল, টিকামগড় আৰু বেতুল ।
বিষয়া গৰাকীয়ে লগতে জনায় যে, ৰাজ্য খনৰ 8 খন জিলাত বৰ্তমানে COVID-19 ৰোগী পোৱা গৈছে ।
ৰাজ্য খন পৰীক্ষণ বৃদ্ধি কৰা বুলি তেওঁ জনোৱাৰ লগতে এতিয়ালৈ 93,849 টা পৰীক্ষণ সম্পন্ন হোৱা বুলি উল্লেখ কৰিছে । ৰাজ্য খনত মুঠ 4595 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে । ৰাজ্যখনত 15 মে'লৈ 52 খন জিলাৰ ভিতৰত 44 খনত COVID-19 ৰোগী পোৱা গৈছে ।