ETV Bharat / bharat

ভাৰতত নিৰ্মিত কাৰ্বাইনৰ চাহিদা বৃদ্ধি

author img

By

Published : Oct 8, 2020, 7:55 AM IST

ভাৰত-চীনৰ মাজত সংঘৰ্ষ বৃদ্ধি পোৱাৰ সময়তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে 'মেড ইন ইণ্ডিয়া'ৰ অধীনত দেশত নিৰ্মিত কাৰ্বাইন ক্ষীপ্ৰতাৰে অধিগ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰিছে ৷ দেশৰ 'অৰ্ডিনেন্স ফেক্টৰি'ত নিৰ্মিত স্বদেশী প্ৰযুক্তিৰ প্ৰায় 94,000 কাৰ্বাইনৰ দৰকাৰ হ'ব পাৰে প্ৰতিৰক্ষা বাহিনীসমূহক ৷

ভাৰতত নিৰ্মিত কাৰ্বাইনৰ চাহিদা বৃদ্ধি
ভাৰতত নিৰ্মিত কাৰ্বাইনৰ চাহিদা বৃদ্ধি

নিউজ ডেস্ক, 8 অক্টোবৰ : চীনা সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰপ্তানিৰ পৰিৱৰ্তে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে 'মেড ইন ইণ্ডিয়া'ৰ অধীনত স্বদেশীয় কাৰ্বাইন অধিগ্ৰহণত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ ভাৰতীয় স্থলসেনাই দীৰ্ঘসময়ৰ পৰাই এই দিশত চিন্তা চৰ্চা কৰি আহিছে আৰু শেহতীয়া পৰিস্থিতিৰ পিচতেই ইয়াৰ গুৰুত্ব যথেষ্টখিনি বৃদ্ধি পাইছে ৷ পশ্চিমবংগৰ ইছাপুৰস্থিত 'অৰ্ডিনেন্স ফেক্টৰি বোৰ্ড'ৰ নিৰ্মাণশালাত উৎপাদন কৰা স্বদেশীয় কাৰ্বাইনে এই দৌৰত আগস্থান লাভ কৰিছে ৷

ইতিমধ্যে এই অস্ত্ৰটোৰ প্ৰাৰম্ভিক পৰীক্ষণ সেনাৰ তিনিওটা বিভাগৰ অভিজ্ঞ বিষয়াৰ লগতে প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত সফলতাৰে সম্পন্ন কৰা হৈছে ৷ প্ৰথমাৱস্থাত প্ৰতিৰক্ষা বিভাগে যথেষ্ট কমসংখ্যক কাৰ্বাইন বিদেশৰ পৰা আমদানি কৰাৰ পক্ষত আছিল যদিও শেহতীয়াকৈ প্ৰতিৰক্ষা অধিগ্ৰহণ আয়োগৰ সিদ্ধান্তমৰ্মে ইয়াক আমদানিৰ পৰিৱৰ্তে স্বদেশতে নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

বৰ্তমান সময়ত দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে সৰ্বমুঠ 3.5 লাখ কাৰ্বাইনৰ প্ৰয়োজন আছে যদিও শেহতীয়াকৈ প্ৰতিৰক্ষা অধিগ্ৰহণ নীতিত সংযোগ কৰা অধিনিয়মৰ দ্বাৰাই অধিক ক্ষীপ্ৰতাৰে ইয়াৰে 94,000 কাৰ্বাইন ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিৰক্ষা বাহিনীসমূহে ৷ এয়া নিশ্চিত হোৱাৰ পিচতেই কাৰ্বাইনটোক অত্যধিক পৰিমানে পৰীক্ষণ কৰা হ'ব আৰু ইয়াৰ পৰীক্ষণ সেনাৰ তিনিওটা বিভাগে সম্পন্ন কৰিব ৷

উল্লেখ্য যে, 2008 চনৰ পৰাই CQB (Close Quarter Battle) কাৰ্বাইন অধিগ্ৰহণৰ চিন্তা কৰা হৈছিল যদিও ইয়াক সম্পূৰ্ণ কৰা হোৱা নাছিল ৷ শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতে প্ৰথমাৱস্থাত লাভ কৰা এইসমূহ কাৰ্বাইন চীনা সীমান্তত নিয়োজিত হৈ থকা বাহিনীসমূহক প্ৰদান কৰা হ'ব বুলি প্ৰতিৰক্ষা সূত্ৰই উল্লেখ কৰিছে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে ছিগ ছুৱেৰ কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰাইফলৰ দ্বিতীয়লানি অধিগ্ৰহণো সফলতাৰে সম্পূৰ্ণ কৰিছে ৷

লগতে পঢ়ক : গুজৰাট হৈছে নৰেন্দ্ৰ মোডীৰ আত্মাঃ বিজয় ৰূপানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.