নিউজ ডেস্ক, 17 নবেম্বৰ : বিহাৰ বিধানসভা নিৰ্বাচনৰ পিচত এনডিএ লাভ কৰা সঁহাৰিৰ পিচতেই ৰাজ্যখনত অভিলেখ গঠনেৰে সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷
আশ্বৰ্য্যজনকভাৱে সংখ্যা 7ৰ সৈতে নিতীশ কুমাৰৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে ৷ অন্য কথাত নিতীশ কুমাৰৰ জীৱনৰ ভাগ্যবান সংখ্যা হৈছে 7, যিয়ে সপ্তমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ ভাৰ গ্ৰহণ কৰিছে ৷
- নিতীশ কুমাৰে চলোৱা গাড়ীখনৰ সংখ্যাটো হৈছে 777 ৷
- নিতীশ কুমাৰে ৰাজনীতিত প্ৰৱেশ কৰিছিল 1977 চনত ৷
- নিতীশ কুমাৰ যুৱা লোক দলৰ সভাপতি নিৰ্বাচিত হৈছিল 1987 চনত ৷
- নিতীশ কুমাৰে 7 সংখ্যাটো নিৰ্বাচন কৰি মুকলি কৰিছিল 7 নিশ্চয়া আঁচনি ৷
- 2017 ৰ 27 জুলাইত নিতীশ কুমাৰে এনডিএৰ সহযোগত বিহাৰত চৰকাৰ গঠন কৰিছিল ৷
- নিতীশ কুমাৰে এতিয়া 17 সংখ্যক বিধানসভাৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় ৷
- বিহাৰৰ 37 সংখ্যক মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় নিতীশ কুমাৰ ৷
নিতীশ কুমাৰৰ জীৱনত বিশেষ প্ৰভাৱ পেলোৱা সংখ্যাটো হৈছে 7 আৰু এইবাৰ বিহাৰত অভিলেখ গঠন কৰি সপ্তমবাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ