ETV Bharat / bharat

লক্ষ্ণৌৰ দুৰ্গেশ যাদৱৰ হত্যাকাণ্ডত জড়িত ২ জনক আটক

আৰক্ষীয়ে ফিৰোজাবাদৰ বাসিন্দা মানৱেন্দ্ৰ যাদৱ, মনীশ যাদৱ, গোমতী নগৰৰ বাসিন্দা পলক ঠাকুৰ আৰু তেওঁৰ কেইজন মান সহযোগীৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰিছে । অভিযুক্তসকলক জেৰাৰ পিচত জানিব পৰা গৈছে যে, দুৰ্গেশ যাদৱ এজন ডাঙৰ প্ৰৱঞ্চক আৰু চাকৰি দিয়াৰ নামত ৬৫ লাখ টকা লুণ্ঠন কৰিছিল ।

লক্ষ্ণৌৰ দুৰ্গেশ যাদৱৰ হত্যাৰ ঘটনাত জড়ি ২ জনক আটক
lucknow-police-arrest-two-related-to-historysheeter-durgesh-yadavs-murder
author img

By

Published : Sep 3, 2020, 7:43 PM IST

লক্ষ্ণৌ,৩ চেপ্তেম্বৰঃ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ দাগী অপৰাধী দুৰ্গেশ যাদৱৰ হত্যাৰ ঘটনাৰ এদিন পিচতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত এজন লোকক আটক কৰাৰ লগতে এগৰাকী মহিলাকো আটক কৰিছে । আটক কৰা লোক দুগৰাকীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, ৫জাই সজীৱ গুলী আৰু হত্যাকাণ্ডত ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰিবলৈ সক্ষম হয় ।

ৰাজধানীৰ বৃন্দাবন কলনীৰ পিজিআই থানা এলেকাত বুধবাৰে পুৱাৰ ভাগত গুলিয়াই হত্যা কৰিছিল গোৰখপুৰৰ দাগী অপৰাধী দুৰ্গেশ যাদৱক ।

এই ঘটনাৰ পিচতে আৰক্ষীয়ে ফিৰোজাবাদৰ বাসিন্দা মানৱেন্দ্ৰ যাদৱ, মনীশ যাদৱ, গোমতী নগৰৰ বাসিন্দা পলক ঠাকুৰ আৰু তেওঁৰ কেইজনমান সহযোগীৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰিছে । অভিযুক্তসকলক জেৰাৰ পিচত জানিব পৰা গৈছে যে, দুৰ্গেশ যাদৱ এজন ডাঙৰ প্ৰৱঞ্চক আৰু চাকৰি দিয়াৰ নামত ৬৫ লাখ টকা লুণ্ঠন কৰিছিল ।

দুৰ্গেশ যাদৱ বৃন্দাবন কলনীৰ ছেক্টৰ-১৪ৰ বাসিন্দা মানবেন্দ্ৰ নামৰ লোকজনৰ ঘৰত আছিল । যত আৰক্ষীয়ে কেবাখনো ভুৱা দলিল লাভ কৰিছে ।

জানিব পৰা মতে মানবেন্দ্ৰ নামৰ লোকজনে ধাৰ লোৱা ধন ঘূৰাই ল'বলৈ দুৰ্গেশ বন্দাবন কলনীলৈ যোৱাৰ পিচত অভিযুক্ত সকলৰ সৈতে ৪৫ মিনিট পৰ্যন্ত তৰ্কাতৰ্কিত লিপ্ত হয় দুৰ্গেশ যাদৱ । তাৰপিচতে দুৰ্গেশক গুলীয়াই পলাই যায় অভিযুক্ত কেইজন । এই ঘটনাৰ ভিডিঅত পলক ঠাকুৰ, মণীষ যাদৱ আৰু তেওঁৰ সহযোগী সকলে দুৰ্গেশ যাদৱক মাৰ-পিট কৰা দেখা গৈছে । ভিডিঅ' টোত ধনৰ লেন দেন সম্পৰ্কতো আলোচনা কৰা শুনা গৈছে।

লগতে চাওকঃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.