নিউজ ডেস্ক, 24 নৱেম্বৰ : উত্তৰপ্ৰদেশ কেবিনেটত পাছ হ‘ল লাভ জিহাদৰ এক অধ্যাদেশ ৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য়নাথে মঙলবাৰে বিয়লি 4:30 বজাত কেবিনেটৰ বৈঠক আয়োজন কৰিছিল ৷ এটা ধৰ্মৰ পৰা আন এটা ধৰ্মলৈ বৈবাহিক সম্পৰ্ক স্থাপন কৰাক লৈ বনোৱা এই আইনৰ মতে, বিবাহৰ দুই মাহ পূৰ্বে জাননী দিব লাগিব ৷ লগতে বিয়াৰ বাবে জিলা ন্যায়াধীশৰ অনুমতিৰো প্ৰয়োজন হ‘ব ৷ এই অধ্যাদেশত শাস্তিৰ বিষয়েও উল্লেখ কৰা হৈছে ৷ পৰিচয় লুকুৱাই কাৰোবাক বিয়া কৰোৱালে 10 বছৰৰ কাৰাবাস খাটিব লাগিব অভিযুক্তই ৷
লগতে পঢ়ক : শেহতীয়া ক'ভিড-19 পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলেৰে বৈঠক প্ৰধানমন্ত্ৰীৰ