ETV Bharat / bharat

আজৱ: নৰমুণ্ড চিকাৰীৰে ভৰা এখন গাঁও - কটা মূৰ

নৰমুণ্ড চিকাৰ কৰা এখন গাঁও ৷ যিগৰাকী লোকে আটাইতকৈ অধিক নৰমুণ্ড সংগ্ৰহ কৰিছে, সিমানেই বেছি তেওঁ সমাদৃত সেইখন সমাজত ৷ কিন্তু ক'ত আছে এই গাঁও ?

নৰমুণ্ড চিকাৰীৰে ভৰা এখন গাঁও
নৰমুণ্ড চিকাৰীৰে ভৰা এখন গাঁও
author img

By

Published : Aug 6, 2020, 7:33 PM IST

নেশ্যনেল ডেস্ক, 6 আগষ্ট: কেনিবেল নহয় যদিও তেওঁলোকৰ নৰমুণ্ড চিকাৰ যে, কোনো অলৌকিক কথা নহয় ৷ নাগালেণ্ডৰ লংৱা গাঁৱৰ কন্যাক জনজাতিৰ লোকসকলে সেইদিনাই শত্ৰুৰ কটা মূৰ লৈ গাঁৱলৈ ঘূৰি আহে ৷

লংৱা এখন সৰু গাঁও ৷ নাগালেণ্ডৰ মোন জিলাৰ সদৰৰ পৰা প্ৰায় 42 কিল'মিটাৰ নিলগৰ এই গাঁওখনৰ অৱস্থান অতি আকৰ্ষণীয় ৷ পাহাৰৰ 1400 মিটাৰ উচ্চতাত ভাৰত-ম্যানমাৰ সীমান্তৰ মধ্যত অৱস্থিত এই গাঁও ৷ 1960 চন পৰ্যন্ত এই অঞ্চলৰ পুৰুষসকলে যেতিয়াই কোনো সংঘৰ্ষত জড়িত হয় তেতিয়াই শত্ৰুপক্ষৰ মূৰ কাটি ঘৰলৈ উভতে ৷ স্থানীয় নিয়ম অনুসৰি, যিগৰাকী লোকে আটাইতকৈ অধিক নৰমুণ্ড সংগ্ৰহ কৰিছে, সিমানেই বেছি তেওঁ সন্মানীয় সেই সমাজত ৷ তেওঁলোকৰ শৰীৰত থকা চিন আৰু শিৰৰ মুকুটে সভ্য সমাজৰ মনত ভয়ৰ সৃষ্টি কৰিব পাৰে ৷ গাঁওখনৰ ঘৰসমূহো সজোৱা হয় পশুৰ কটা মূৰেৰে ৷

লংৱা ভাৰত আৰু ম্যানমাৰ দুই দেশৰ মাজত থকা এক বিৰল আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৷ য'ত ভাৰত আৰু ম্যানমাৰ উভয় দেশৰ গাঁওবাসীয়ে ভিছা অবিহনেও যাতায়াত কৰিব পাৰে ৷ গাঁওবুঢ়া গৰাকীৰ বাসগৃহৰ কিছু অংশ ভাৰতত আৰু কিছু অংশ ম্যানমাৰত পৰে ৷ ইয়াত গাঁওবুঢ়া সকলক অংঘ নামেৰে জনা যায় ৷ বৰ্তমান অংঘৰ 60 গৰাকী পত্নী আছে বুলি জানিব পৰা গৈছে ৷ সেই গাঁৱৰ নিকতৱৰ্তী 70 খন গাঁৱৰ শাসক তেওঁ ৷ যাৰ ভিতৰত কিছু সংখ্যকক বাদ দি অধিকাংশই ম্যানমাৰৰ ৷

এই অঞ্চলৰ লোকৰ প্ৰধান জীৱিকা গৈছে ভাং আৰু আফিং খেতি ৷ ম্যানমাৰত মাদক দ্ৰব্যৰ যথেষ্ট চাহিদা আছে ৷ পৰ্যটক সকলে নাগালেণ্ডলৈ গ'লে গাইডৰ সহায়ত সেই গাঁও চাবলৈ যায় ৷ লংৱা হৈছে শংকা আৰু সুন্দৰেৰে ভৰা এক মিশ্ৰিত পৰিৱেশৰ গাঁও ৷

লগতে পঢ়ক: আজৱ: পৃথিৱীৰ আটাইতকৈ কৰ্মী মাতৃ অক্টোপাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.