নিউজ ডেস্ক, 4 এপ্ৰিল : নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে তেলেংগানাত জব্দ 2 কোটি টকা নগদ ধন ৷ বিশেষ অভিযানকাৰী দলৰ লগতে মাধাপুৰ আৰক্ষীয়ে অভিযান চলাই হাই-টেক ৰেলৱে ষ্টেচনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ নগদ ধনখিনি ৷ লগতে এই বৃহৎ পৰিমাণৰ ধন কঢ়িয়াই অনা দুগৰাকী লোক ক্ৰমে নিম্মালুৰী শ্ৰীহৰি আৰু অভূতি পাণ্ডাৰীক আটক কৰে আৰক্ষীয়ে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/images/dfsdfs1554338301205-20_0404email_00001_409.jpg)
জয়াভেৰী নামৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত দুয়োগৰাকী লোকে এই বৃহৎ পৰিমাণৰ ধনখিনি কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰি ৰাজাহমুন্দ্ৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী এগৰাকীৰ হাত গতাই দিবলৈ লৈ আনিছিল বুলি দুয়োগৰাকীয়ে স্বীকাৰোক্তি প্ৰদান কৰে আৰক্ষীৰ ওচৰত ৷ ইপিনে লোকদুজনৰ এই স্বীকাৰোক্তিৰ ভিত্তিতে নিৰ্বাচনী বিধি উলংঘনৰ এক গোচৰ ৰুজু কৰে মাধাপুৰ আৰক্ষীয়ে ৷