ETV Bharat / bharat

30 এপ্ৰিললৈ বৃদ্ধি হ'ব লকডাউন : বিশেষ সূত্ৰ

author img

By

Published : Apr 11, 2020, 6:39 PM IST

30 এপ্ৰিললৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে লকডাউন ৷ এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে অৰবিন্দ কেজৰিৱালে ৷

30 এপ্ৰিললৈ বৃদ্ধি হ'ব লকডাউন
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক

নেশ্যনেল ডেস্ক, 11 এপ্ৰিল : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে টুইটাৰৰ জৰিয়তে জনাই যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউন বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ৷ সকলোবোৰ ৰাজ্যৰে মুখ্যমন্ত্ৰী সকলৰ সৈতে অনুষ্ঠিত হোৱা ভিডিঅ' কনফাৰেন্সিং বৈঠকত কাপোৰেৰে তৈয়াৰী মাস্ক পৰিধান কৰা পৰিলক্ষিত হয় প্ৰধানমন্ত্ৰী মোডীক ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সকলো মুখ্যমন্ত্ৰীকে জানিবলৈ দিয়ে যে, তেওঁ 24 ঘন্টাই সকলোৰে সেৱাত উপলব্ধ থাকিব ৷

  • PM has taken correct decision to extend lockdown. Today, India’s position is better than many developed countries because we started lockdown early. If it is stopped now, all gains would be lost. To consolidate, it is imp to extend it

    — Arvind Kejriwal (@ArvindKejriwal) April 11, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দেশত ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱা COVID-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে এয়া প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে তৃতীয়খন ভিডিঅ' কনফাৰেন্সিং বৈঠক ৷

এই বৈঠকত মোডীয়ে কয়, "মই 24x7 উপলব্ধ থাকিম ৷ যিকোনো ৰাজ্যৰে মুখ্যমন্ত্ৰীয়ে মোৰ সৈতে কথা পাতিব পাৰিব আৰু তেওঁলোকৰ পৰামৰ্শ প্ৰদান কৰিব পাৰিব ৷"

তেওঁ কয় যে, এই ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে সকলোৱে হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে বৈঠকত কাপোৰেৰে তৈয়াৰী মাস্ক পৰিধান কৰি সকলোকে ঘৰতে প্ৰস্তুত কৰা মাস্ক পিন্ধিবলৈ উৎসাহ যোগায় ৷

উল্লেখ্য় যে, শনিবাৰ পৰ্যন্ত ভাৰতত COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যা 7,447 জনলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হৈছে 239 জনৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.