নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ সমগ্ৰ দেশতে লকডাউনৰ মাজতে আৰ্থিকভাৱে পিচপৰা শ্ৰেণীটোৱে বহুটো অসুবিধাৰ সন্মুখীন হৈছে । এনে সময়তে ধৰ্মীয় অনুষ্ঠানৰ বাবে জমা কৰা মন্দিৰৰ ধনৰাশি নিজৰ মাজত ভগাই দি এক উদাহৰণ দাঙি ধৰিছে তামিলনাডুৰ এখন গাঁৱে ।
তামিলনাডুৰ থেনি জিলাত অৱস্থিত এই গাঁৱখন হৈছে টি. মিনাক্ষীপুৰম । গাঁৱখনত তিনিটা জনগোষ্ঠীৰ আছে তিনিটাকৈ মন্দিৰ আৰু মন্দিৰৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে গাঁৱবাসীয়ে শেহতীয়াকৈ ধন জমা কৰিছিল । কিন্তু লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱবাসীয়ে উক্ত ধনসমূহ নিজৰ মাজতে ভগাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
লকডাউনৰ সময়তে গাঁৱবাসীয়ে সন্মুখীন হোৱা আৰ্থিক সমস্যাৰ বাবে ধৰ্মীয় অনুষ্ঠানৰ বাবে ৰখা ধন নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰাৰ হয়টো এয়াই প্ৰথম ঘটনা । গাঁৱখনৰ বাসিন্দা পালৰাজে প্ৰকাশ কৰা অনুসৰি, ধৰ্মীয় অনুষ্ঠানৰ বাবে জমা কৰা ধনৰাশিৰে দুখীয়া আৰু পিচপৰা ৰাইজে ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম হৈছে ।
গাঁৱখনৰ ২৫০ টা পৰিয়ালৰ বেছিভাগে খেতি আৰু দৈনন্দিন শ্ৰমৰ ওপৰত নিৰ্ভৰশীল আৰু মন্দিৰৰ বাবে জমা কৰা ধনৰাশি আটাইকেইটা পৰিয়ালৰ মাজত সমানে ভগাই দিয়া হৈছে বুলি পালৰাজে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, তামিলনাডু চৰকাৰে ইতিমধ্যে ৰাজ্যবাসীক ১,০০০কৈ নগদ ধন প্ৰদান কৰিছে যদিও গাঁৱবাসীয়ে সেয়া যথেষ্ট নহয় বুলি উল্লেখ কৰে ।