ETV Bharat / bharat

পৰ্যায় অনুসৰি লক ডাউন শিথিল কৰাৰ পৰামৰ্শ প্ৰাক্তন সেনা বিষয়াৰ

author img

By

Published : Apr 30, 2020, 5:50 PM IST

3 মে'ত লক ডাউন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনাই অধিক । এই সম্পৰ্কে প্ৰাক্তন সেনা প্ৰধান আৰু এয়াৰ মাৰ্শ্বেল সকলে কয় যে, শিথিলকৰণ পৰ্যায় অনুসৰি হোৱা উচিত ।

পৰ্যায় অনুসৰি লক ডাউন শিথিল কৰাৰ পৰামৰ্শ প্ৰাক্তন সেনা বিষয়াৰ
পৰ্যায় অনুসৰি লক ডাউন শিথিল কৰাৰ পৰামৰ্শ প্ৰাক্তন সেনা বিষয়াৰ

নিউজ ডেস্ক, 30 এপ্ৰিলঃ উত্তৰ-পূৱাঞ্চল উন্নয়ন মন্ত্ৰী(DoNER) ডঃ জিতেন্দ্ৰ সিঙে দেশৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে প্ৰাক্তন সেনা প্ৰধান আৰু এয়াৰ মাৰ্শ্বেল সকলৰ সৈতে আলোচনাত মিলিত হয় ।

এই আলোচনাত প্ৰাক্তন সেনা প্ৰধান সকলে লক ডাউন প্ৰত্যাহাৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই । তেওঁলোকে লকডাউন পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে । আনহাতে লক ডাউন খোলাৰ পাছতো উত্তৰ পূৱৰ আন্তঃ ৰাষ্ট্ৰীয় সীমা সমূহ ছিল কৰি থবলৈয়ো পৰামৰ্শ দিয়ে ।

আনহাতে জম্মু-কাশ্মীৰত কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ যি ধৰণে প্ৰশাসন সক্ষম হ'ল তাকে লৈ প্ৰশংসাও আগবঢ়ায় ।

ডঃ সিঙে কয় যে, সেনা প্ৰধান আৰু এয়াৰ মাৰ্শ্বেল সকলৰ কেৱল বিস্তৰ জ্ঞানেই নহয়, এনে পৰিস্থিতিৰ জম্মু কাশ্মীৰ আৰু উত্তৰ-পূৱ সম্পৰ্কে অভিজ্ঞতা আৰু অনুভৱো আছে ।

তেওঁ লগতে কয় যে, এই লোক সকলৰ পৰামৰ্শ কেৱল মূল্যবানীয়ই নহয়, বৰঞ্চ ই নতুন কিছুমান দৃষ্টিভংগী লোৱাটো সহায় কৰিব ।

এই ভিডিঅ' কনফাৰেন্স আলোচনাত ভাগ লৈছিল প্ৰাক্তন সেনা প্ৰধান ভি পি মালিক, প্ৰাক্তন মুখ্য এয়াৰ ষ্টাফ আৰু এয়াৰ ছিফ মাৰ্শ্বেল অৰূপ ৰাহা, প্ৰাক্তন উপ সেনা প্ৰধান লেফটেনেন্ জেনেৰেল শৰত চান্দ, প্ৰাক্তন GoC NC লেফটেনেন্ জেনেৰেল ডিপেন্দ্ৰ সিং, প্ৰাক্তন DGOL লেফটেনেন্ জেনেৰেল ৰাকেশ শৰ্মা, আৰু মেজৰ জেনেৰেল এচ কে শৰ্মা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.