ETV Bharat / bharat

লক ডাউনৰ দ্বিতীয় পৰ্যায়ঃ অনুমতি আৰু নিষেধাজ্ঞাৰ তালিকা - হটস্পট অঞ্চল

বুধবাৰে দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কিছু নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ মন্ত্ৰণালয়ে এই সময়ছোৱাত সকলো প্ৰকাৰৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাতৰ লগতে ৰাজহুৱা স্থানসমূহ 3 মে’ পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৷

Lockdown 2.0: Know the complete list of allowed & prohibited economic activities
লক ডাউনৰ দ্বিতীয় পৰ্যায়ঃঅৰ্থনৈতিক কাৰ্যকলাপ ক্ষেত্ৰত অনুমতি আৰু নিষেধাজ্ঞা
author img

By

Published : Apr 15, 2020, 5:57 PM IST

Updated : Apr 15, 2020, 7:22 PM IST

নেশ্যনেল ডেক্স,15 এপ্ৰিলঃ বুধবাৰে দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কিছু নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ মন্ত্ৰণালয়ে এই সময়ছোৱাত সকলো প্ৰকাৰৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ লগতে ৰাজহুৱা স্থানসমূহ 3 মে’ পৰ্যন্ত বন্ধ ৰখাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে ৷

20 এপ্ৰিলৰ পৰা লক ডাউনৰ নিয়মাবালী শিথিল কৰিব পৰা অঞ্চলসমূহত ব্যৱসায় আৰু অৰ্থনৈতিক কাৰ্যকলাপসমূহৰ তালিকা তলত উল্লেখ কৰা হ’ল-

  • সকলো প্ৰকাৰৰ কৃষি আৰু উদ্যানমূলক যেনে- কৃষিকৰ্ম,মৎস পালন আৰু পশুপালনৰ লগত জড়িত কাৰ্যকলাপসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হ’ব
  • ৰিজাৰ্ভ বেংকে আৰ্থিক বজাৰসমূহ নিয়ন্ত্ৰণ কৰিব
  • বেংক শাখসমূহে ধন হস্তান্তৰ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিয়মিত সময়তেই কাম-কাজ অব্যাহত ৰাখিব
  • পেট্ৰ’ল, ডিজেল,এলপিজিৰ লগত জড়িত এম জি এনৰেগা কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব
  • ৰে’লপথ,বিমান বন্দৰ,স্থলপথৰ ক্ষেত্ৰত প্ৰযোজ্য সকলো পণ্যৰ ট্ৰাফিক চলাচলৰ অনুমতি প্ৰদান কৰা হ’ব
  • প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বিপণীসমূহ খোলা আৰু বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কঠোৰ নিয়ম প্ৰযোজ্য কৰা নহয়
  • 50% শক্তিৰ সৈতে IT কোম্পানীসমূহ,ই-কমাৰ্চ কোম্পানী,কুৰিয়াৰ চাৰ্ভিছ,শীতল গৃহ,গুদাম চাৰ্ভিছসমূহ কাৰ্যক্ষম কৰা হ’ব
  • গ্ৰামাঞ্চলত থকা বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ
  • গ্ৰামাঞ্চলৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহ
  • খনিজাত পদৰ্থসমূহৰ পেকেজিং আৰু উৎপাদন ইউনিটসমূহ
  • গ্ৰামাঞ্চলসমূহত পথ নিৰ্মাণ,জলসিঞ্চন প্ৰকল্প,অট্টালিকা নিৰ্মাণ প্ৰকল্পসমূহ
  • নিৰ্মাণ প্ৰকল্পসমূহত কৰ্ম অব্যাহত ৰখা কৰ্মীসকলৰ সলনি বাহিৰৰ পৰা কোনো শ্ৰমিক নিয়োগ কৰিব নোৱাৰিব

3 মে’ পৰ্যন্ত দেশজুৰি নিষেধাজ্ঞ অব্যাহত থাকিবলগীয়া সেৱাসমূহ ক্ৰমে-

  • সকলো চিকিৎসা কৰ্মী,বৈজ্ঞানিক,পেৰা মেডিকেল ষ্টাফ,লেব টেকনিছিয়ান সকলৰ বাহিৰে সকলো প্ৰকাৰৰ গৃহ আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বিমান যাত্ৰা নিষেধ
  • ৰাজহুৱা পৰিবহনৰ বাবে ৰে’ল,বাছ তথা মেট্ৰ’ সেৱা বাতিল
  • সকলো প্ৰকাৰৰ শিক্ষা প্ৰতিষ্ঠানৰ উপৰিও চিনেমা হল,শ্বপিং মল,জিম,স্পোৰ্টছ কমপ্লেক্স,পাৰ্ক আদি বন্ধ ৰখা বাধ্যতামূলক

হটস্পট আৰু ধাৰক অঞ্চল কি?

হট স্পট অঞ্চল হ’ল কোভিড 19ৰ বৃহৎ প্ৰাদুৰ্ভাৱ থকা অঞ্চলসমূহ ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি ইয়াক নিৰ্ধাৰণ কৰা হ’ব ৷ এই অঞ্চলসমূহত গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিয়মাবলীসমূহ বলবৎ কৰাটো বাধ্যতামূলক নহয় ৷

লগতে পঢ়ক-ৰাজপথত থু, পিক পেলালে ভৰিব লাগিব জৰিমণা

Last Updated : Apr 15, 2020, 7:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.