ETV Bharat / bharat

লকডাউন বৃদ্ধি : প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মুম্বাইৰ ৰাজপথ - লকডাউন বৃদ্ধিৰ ফলত অসন্তুষ্ট প্ৰব্ৰজনকাৰী শ্ৰমিক

মুম্বাইৰ ৰাজপথত শ্ৰমিকৰ বিক্ষোভ ৷ লকডাউন বৃদ্ধিৰ ফলত অসন্তুষ্ট প্ৰব্ৰজনকাৰী শ্ৰমিক ৷

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মুম্বাইৰ ৰাজপথ
লকডাউন বৃদ্ধি
author img

By

Published : Apr 14, 2020, 10:37 PM IST

নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : 3 মে'লৈ লকডাউনৰ সময়সীমা বৃদ্ধিৰ কথা প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰাৰ পাচতে দৈনিক শ্ৰমৰ জৰিয়তে উপাৰ্জন কৰা বহুসংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক ওলাই আহে মুম্বাই ৰাজপথলৈ ৷ এই শ্ৰমিকসকলে তেওঁলোকৰ নিজ নিজ স্থানলৈ ঘূৰি যাবলৈ যাৱতীয় ব্যৱস্থা কৰি দিবলৈ দাবী কৰে ৷ লকডাউন ঘোষণা কৰাৰ পাচৰ পৰা আৰ্থিক সংকটৰ লগতে বহুসংখ্যকে চাকৰি হেৰুওৱাৰ ফলত ক্ষুণ্ণ হৈ পৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ৷

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মুম্বাইৰ ৰাজপথ
লকডাউন বৃদ্ধি

প্ৰশাসন আৰু বিভিন্ন বেচৰকাৰী সংস্থাই তেওঁলোকক খাদ্য আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰিছে যদিও এই শ্ৰমিকসকলে নিজ নিজ অঞ্চললৈ ঘূৰি যাবলৈ দাবী জনাইছে ৷

আৰক্ষী বিভাগে জানিবলৈ দিয়া অনুসৰি, মুম্বাইৰ বান্দ্ৰাৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 1,000 এনে শ্ৰমিক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ পটেল নাগৰি অঞ্চলৰ বিভিন্ন বস্তি এলেকাত ভাড়াঘৰত বাস কৰি অহা এই শ্ৰমিকসকলে ঘৰলৈ ঘূৰি যাবৰ বাবে যাতায়তৰ সুচল ব্যৱস্থা কৰি দিবলৈ দাবী উত্থাপন কৰে ৷

ইয়াৰে বহুসংখ্যক লোক উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে ৷ এই প্ৰতিবাদৰ পাচতে অঞ্চলটোত বহুসংখ্যক আৰক্ষীৰ জোৱান মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.