ETV Bharat / bharat

আজি 20 দিন অতিক্ৰম কৰিলে লক ডাউনে..

author img

By

Published : Apr 13, 2020, 8:46 PM IST

সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভকামনা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়েও সমূহ অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাই ৷

GROUND REPORT
GROUND REPORT

নিউজ ডেস্ক, 13 এপ্ৰিলঃ আজি 20 দিন অতিক্ৰম কৰিলে লক ডাউনে ৷ বিশ্বজুৰি চলি থকা লক ডাউনৰ মাজতে পৰম্পৰা ৰক্ষাৰ বাবে ঘৰতে গৰু বিহু পালন কৰে ৰাজ্যবাসীয়ে ৷ সমূহ অসমবাসীক ৰঙালী বিহুৰ শুভকামনা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়েও সমূহ অসমবাসীক ৰঙালী বিহুৰ উলগ জনায় ৷

আনহাতে অসমত পুনৰ কৰ’ণা ভাইৰাছত আক্ৰান্ত হয় এজন ব্যক্তি ৷ এই পৰ্যন্ত অসমত আক্ৰান্তৰ সংখ্যা 30 জনলৈ বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ আক্ৰান্ত হোৱা লোকজনেও অংশগ্ৰহণ কৰিছিল দিল্লীৰ তবলিগী জামাতত ৷ অসম আৰোগ্য নিধিত বৰ্তমানলৈ 90 কোটি 31 লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অসমৰ বাহিৰত কাম কৰা দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ বাবে অসম চৰকাৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ লগতে অসমৰ বাহিৰত থকা লোকসকলৰ বাবে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে ৷ আনহাতে লক ডাউনৰ মাজতে বঙাইগাঁও জিলাৰ ৰঙাপানী ষ্টেট বেংকৰ CSP কেন্দ্ৰত গ্ৰাহকৰ একাউন্টৰ পৰা ধন হৰলুকি কৰাৰ অভিযোগ কৰে গ্ৰাহকে ৷ সোমবাৰৰ পৰা ৰাজ্যত পুনৰ মুকলি কৰা হয় সুৰাৰ বিপনী ৷ আনহাতে, লক-ডাউনৰ বাবে লতাশিল বিহু সন্মিলনীয়ে কেৱল পতাকা উত্তেলন কৰিয়েই সামৰিব লগীয়া হয় ৰঙালী বিহুৰ কাৰ্যসূচী ৷ চিৰাঙৰ কুকলুং বনাঞ্চলত 25 খন চাইকেল সহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ, সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পানপুৰ ৰেঞ্জৰ পৰা 6 জন চোৰাং চিকাৰী আটক কৰে আৰক্ষীয়ে ৷

সমগ্ৰ দেশৰ সামগ্ৰিক পৰিৱেশ ....

দিল্লীঃ ৰাজ্যখনৰ জাকিৰ নগৰ, বঙালী মাৰ্কেট, বাবাৰ ৰোড এই অঞ্চলসমূহক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰে প্ৰশাসনে ৷ ফলত সম্পূৰ্ণ ছীল কৰি দিয়া হয় এই অঞ্চলসমূহ ৷ আনহাতে কেজৰিৱাল চৰকাৰে এটা Massive senitisation drive মুকলি কৰি কন্টেইনমেন্ট জ'নসমূহ বীজাণুমুক্ত কৰাৰ সিদ্ধান্ত লয় ৷ চহৰখনৰ মেক্স হাস্পতালৰ 39 গৰাকী কৰ্মচাৰীক কোৱাৰেন্টাইনত ৰখাৰ লগতে 3 গৰাকী কৰ্মচাৰী কৰ'ণাত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷ আনহাতে আজিও ৰাজ্যবাসীয়ে দিল্লীত ভূমিকম্পৰ জোঁকাৰণি অনুভৱ কৰে ৷

মুম্বাইঃ মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা 2064 লৈ বৃদ্ধি ৷ ৰাজ্যখনত আজি আক্ৰান্ত হৈছে 82 জন ব্যক্তি ৷ মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰে এই কথা ৷ মুম্বাইৰ ধাৰাবী এলেকাত নতুনকৈ 4 জন ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে এজন লোকৰ ৷ বস্তি অঞ্চলটোত আক্ৰান্তৰ সংখ্যা 47 জনলৈ বৃদ্ধি হোৱাৰ লগতে মৃত্যু হৈছে 5 জনকৈ লোকৰ ৷ সম্প্ৰতি সম্পূৰ্ণ ছীল কৰা হৈছে এছিয়াৰ বৃহত্তম অঞ্চলটো ৷ এমাহ কোৱাৰেন্টেনৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হ’ল মুম্বাইৰ ভাৰতীয় নৌ বিভাগৰ তত্বাৱধানত থকা 44 জন ব্যক্তিক ৷ মহাৰাষ্ট্ৰৰ পালগৰত চিলিণ্ডাৰ বিস্ফোৰণ ৷ এটা ৰসায়নিক কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত নিহত হয় দুজন ব্যক্তি ৷

তামিলনাডুঃ তামিলনাডুত বৃদ্ধি কৰা হ’ল লক ডাউনৰ সময়সীমা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, ৰাজ্যখনত 30 এপ্ৰিললৈ বঢ়াই দিয়া হ’ল লক ডাউন ৷ চেন্নাইৰ প্ৰাণকেন্দ্ৰ স্বৰূপ তিনিটা অঞ্চলৰ পৰা ৰাজ্যখনৰ 48 শতাংশ লোক COVID 19 ত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনৰ আৰক্ষীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলেও দৈন্যসকলক খাদ্য বিতৰণ কৰাত সহায় কৰা পৰিলক্ষিত হৈছে ৷

তেলেংগানঃ তেলেংগানত আজি পুনৰ 32 জন লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 563 জনলৈ বৃদ্ধি ৷ তেলেংগানাত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে 17 জন লোক ৷ দুখন বিশেষ ব্যক্তিগত বিমানৰ জৰিয়তে 165 জন আমেৰিকাৰ নাগৰিকক স্থানান্তৰ কৰা হৈছে ৷ বিগত দুটা দিনত হাইদৰাবাদৰ ৰাছাকোণ্ডা আৰক্ষীয়ে ৰাজপথত পিকা 4 জনকৈ লোকক আটক কৰে ৷

আহমেদাবাদঃ আহমেদাবাদৰ চিৰিয়াখানাসমূহৰ জীৱকূল COVID 19 ত আক্ৰান্ত নহ'বলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিচে কতৃপক্ষই ৷ দেওবাৰলৈ চহৰখনত 283 জন লোক COVID 19 ত আক্ৰান্ত হয় ৷ আহমেদাবাদত দেওবাৰে দুজন লোক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ গুজৰাটত COVID-19 ত পুনৰ 22 জন লোক আক্ৰান্ত ৷ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 528 জনলৈ বৃদ্ধি ৷ গুজৰাটত বৰ্তমানলৈ মৃত্যু হৈছে 26 জনকৈ লোকৰ ৷

কলিকতাঃ ঘৰৰ পৰা বাহিৰলৈ অহাৰ সময়ত নাক-মুখ সম্পূৰ্ণৰূপে ঢাকি ৰখাটো বাধ্যতামূলক কৰে পশ্চিমবংগ চৰকাৰে ৷ আনহাতে লক ডাউনৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা বাবে মাটিয়াব্ৰজৰ ৰাজাবাগানত তিনিজন সেনা তথা স্বেচছাসেৱকক গণপ্ৰহাৰ কৰা ঘটনা পোহৰলৈ আহে ৷

কৰ্ণাটকঃ কৰ্ণাটকত সোমবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে 15 জনলৈ লোক ৷ এই পৰ্যন্ত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 247 জনলৈ বৃদ্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.