ETV Bharat / bharat

আজি 19 দিন অতিক্ৰম কৰিলে লক ডাউনে..

author img

By

Published : Apr 12, 2020, 9:03 PM IST

আজি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উৰুকা ৷ COVID-19 ৰ বাবে অসমবাসীৰ মাজত ৰঙালীৰ উছাহ নাই যদিও নীতি-নিৰ্দেশনাৰ মাজৰেই গৃহস্থই ঘৰতে পালন কৰিব বিহু ৷ টিংখাঙত সামাজিক দূৰত্ব বজাই ঢেঁকিশালত ব্যস্ত গৃহনী ৷ আনহাতে যোৰহাটটো ঘৰতে আনুষ্ঠানিকতা ৰক্ষা কৰি ৰঙালী বিহু উদযাপন কৰিব গঞাই ৷

লক ডাউনে..
লক ডাউনে..

নিউজ ডেস্ক, 12 এপ্ৰিলঃ লক ডাউন সময় বৃদ্ধি কৰাৰ পাছতো ৰাজ্যবাসীয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ৷ আজি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উৰুকা ৷ COVID-19 ৰ বাবে অসমবাসীৰ মাজত ৰঙালীৰ উছাহ নাই যদিও নীতি-নিৰ্দেশনাৰ মাজৰেই গৃহস্থই ঘৰতে পালন কৰিব বিহু ৷ টিংখাঙত সামাজিক দূৰত্ব বজাই ঢেঁকিশালত ব্যস্ত গৃহনী ৷ আনহাতে যোৰহাটবাসীও ঘৰতে আনুষ্ঠানিকতা ৰক্ষা কৰি ৰঙালী বিহু উদযাপন কৰিব ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক ৷ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল উপস্থিত থাকে এই বৈঠকত ৷ কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যৱস্থাৱলী সন্দৰ্ভত অনুষ্ঠিত কৰা এই বৈঠকত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আনহাতে আমগুৰিৰ দিকচু গাঁও পঞ্চায়ত আৰু বৰুৱা পুখুৰী গাঁও পঞ্চায়তত সাহাৰ্য্য বিতৰণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ লক ডাউনৰ মাজতে খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ পোৱালীক বন বিভাগৰ সহযোগত কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় ৷ চাবুৱাত আৰক্ষী আৰু সাংবাদিকক গামোছাৰে সম্বৰ্ধনা জনোলে ABVP আঞ্চলিক সমিতিয়ে ৷ শিৱসাগৰত আৰ্তজনৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰিলে আজমল ফাউণ্ডেশ্যনে ৷ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত জাহ যায় বিভিন্ন সা-সামগ্ৰী ৷ COVID 19 সন্দৰ্ভত বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত 361 গৰাকী কৰ্মচাৰীক বিশেষজ্ঞ চিকিৎসকৰ দ্ধাৰা প্ৰশিক্ষণ দিয়া হয় ৷ আনহাতে লক ডাউনৰ মাজতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ আকস্মিক মৃত্যু ঘটে৷ COVID 19 ৰ বাবে মাজুলিৰ সত্ৰ সমূহত উদযাপিত নহয় 400 বছৰ পুৰণি আধ্যাত্মিক পৰম্পৰা ৷ তিনিদিন ধৰি উদযাপন কৰা বিহু এইবাৰ উদযাপন নকৰে কমলাবাৰী সত্ৰই৷প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জাগীৰোডৰ বহু লোকে লক-ডাউনৰ সময়ত অনাহাৰে দিন কটাবলগীয়া হোৱা বুলি অভিযোগ তুলিছিল ৷ দেওঁবাৰে ৰিপুন বৰাৰ অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি এক সংবাদ মেলৰ জৰিয়তে ব্যাখ্যা দাঙি ধৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পানপুৰত চোৰাং চিকাৰীৰ গুলিত আহত হয় বনকৰ্মী ৷ ছচিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়াৰ বাবে কোকৰাঝাৰত ৰঙা ঘৰৰ আলহী হল এজন যুৱক ৷ লক-ডাউনৰ মাজতে ধেমাজি আৰক্ষীৰ সফলতা ৷ গুৱাল গাঁৱৰ ড্ৰাগছ সৰবৰাহকাৰী হৰেন গোহাঁইৰ ঘৰত অভিযান চলাই জব্দ কৰে এটা পইণ্ট ২২ পিষ্টল, বাউন চুগাৰ , ৫ টা মোবাইল হেণ্ডছেট আৰু বহু আপত্তিজনক নথিপত্ৰ ৷ কৰিমগঞ্জৰ ৱদৰপুৰত বৰাক নৈত গা-ধুবলৈ হৈ মৃত্যু হয় যুৱকৰ ৷

দেশৰ সামগ্ৰিক পৰিৱেশ...

দিল্লীঃ ৰাজ্যখনত 33 টা কন্টেইনমেন্ট স্থান ঘোষণা কৰা হয় ৷ এই স্থান সমূহত ইতিমধ্যে পৰীক্ষণ আৰম্ভ কৰিছে প্ৰশাসনে ৷ এই পৰ্যন্ত ৰাজ্যখনত কৰ'ণাত আক্ৰন্তৰ সংখ্যা 1154 ৷ আজি দিনটোত চহৰখনত মৃতকৰ সংখ্যা 5 জন ৷ আনহাতে লক ডাউনৰ মাজতে ৰাজ্যখনত ভূম্পিকম্পৰ জোকাৰণি অনুভৱ কৰে ৰাজ্যবাসীয়ে ৷ এই সময়ছোৱাত টেক্সি চালক, অট' চালক লগতে ৰিক্সা চালকক 5000 কৈ আৰ্থিক অনুদান দিব কেজৰিৱাল চৰকাৰে ৷ চহৰখনৰ চান্দিনী মেহেলৰ 52 জনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে সমগ্ৰ অঞ্চল চেনিটাইজ কৰা হয় ৷

মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত আজি নতুনকৈ আক্ৰান্ত হৈছে 134 জন ব্যক্তি ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 1895 জনলৈ বৃদ্ধি ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰী কৰে এই তথ্য ৷ মুম্বাইৰ ধাৰাবী এলেকাত পুনৰ আক্ৰান্ত হৈছে 15 জন লোক ৷ বৰ্তমান বেৰিকেড লগাই দিয়া হ’ল মুম্বাইৰ ধাৰাবী এলেকাত ৷ এছিয়াৰ বৃহত্তম বস্তি অঞ্চলটোত Covid 19 ত বৰ্তমানলৈ আক্ৰান্ত হৈছে 43 জন লোক ৷ যাৰবাবে, অধিক সতৰ্ক হৈ পৰিছে আৰক্ষী ৷Indian Hotels Company ৰ অধীনত মুম্বাইত থকা হোটেলৰ 500 কৰ্মচাৰীক টেষ্ট কৰা হৈছে ৷ যিসকল কৰ্মচাৰীৰ পজিটিভ আহিছে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে সংস্পৰ্ষত অহা অন্য ব্যক্তিকো কৰা হৈছে quarantine ৷ Indian Hotels Company কৰ্তৃপক্ষই প্ৰকাশ কৰে এই কথা ৷মুম্বাই আৰক্ষীক ধন্যবাদ জ্ঞাপন ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ ৷ লক ডাউনৰ সময়চোৱাত গ্ৰহণ কৰা পদক্ষেপ আৰু জনসাধাৰণৰ প্ৰতি সকলো দায়িত্ব সুকলমে পালন কৰি থকা বাবে আৰক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷ মুম্বাইৰ তাজ হোটেলৰ 6 কৰ্মচাৰীৰ দেহত কৰ’ণা ভাইৰাছৰ বীজানু ৷ সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আটাইকেইজনক ৷

কলিকতাঃ কলকাতাৰ বিভিন্ন স্থানত ছেনীটাইজ কৰে পৌৰ নিগমে ৷ পশ্চিমবংগত মুঠ আক্ৰান্তৰ সংখ্যা 134 ৷ মৃত্যু হৈছে 5 জনকৈ লোকৰ ৷ আনহাতে ৰায়গঞ্জৰ এজন যুৱকে নিজ গৃহতে অত্যাধুনিক অত'মেটিক চেনিটাইজৰ মেচিন আৱিষ্কাৰ কৰি উলিয়াই ৷

অন্ধ্ৰপ্ৰদেশঃ দেওবাৰে অন্ধ্ৰপ্ৰদেশত নতুনকৈ কোভিদ 19 ত আক্ৰান্ত হৈছে 15 জন লোক ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 420 জনলৈ বৃদ্ধি ৷ বৰ্তমানলৈ অন্ধ্ৰপ্ৰদেশত মৃত্যু হৈছে 12 জন লোকৰ ৷ তিৰোপতিত ইতিমধ্যে 6 জন কৰ'ণাত আক্ৰান্ত পোৱা হৈছে ৷ আনহাতে মুখ্যমন্ত্ৰী জগন মোহনে কৰ'ণাৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণক ডাঙৰ আকাৰৰ মাস্ক বিতৰণৰ নিৰ্দেশ দিয়ে ৷ 16 কোটি মাস্ক বিতৰণৰ নিৰ্দেশ জগন মোহন ৰেড্ডীৰ ৷

তামিলনাডুঃ তামিলনাডুত আজিৰ দিনটোত বৰ্তমানলৈ আক্ৰান্ত হৈছে 106 জন ব্যক্তি ৷ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 1075 লৈ বৃদ্ধি ৷ তামিলনাডুত মৃত্যু হোৱা লোকৰ সংখ্যা 11 জন ৷ স্বাস্থ্য সচিব Beela Rajesh য়ে প্ৰকাশ কৰে এই তথ্য ৷ তামিল নাডুৰ MGR Street ত শ্ৰমিকৰ প্ৰতিবাদ ৷ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ পৰ্যাপ্ত ধন নোহোৱাত প্ৰতিবাদ দৈনিক মজুৰীৰে কৰ্ম কৰা শ্ৰমিকৰ ৷ MGR Street ক containment zone হিচাপে ঘোষণা কৰিছিল চৰকাৰে ৷

পাঞ্জাৱঃ পঞ্জাৱৰ উগ্ৰপন্থী সংগঠন নিহাঙচৰ এটা গ্ৰুপে আক্ৰমণ কৰে ৰাজ্যখনৰ আৰক্ষীক৷ আক্ৰমণত গুৰুতৰভাবে আহত আৰক্ষী উপ পৰিদৰ্শক Harjeet Singh ৷ পাটিয়ালাৰ পাচলি বজাৰত সংঘটিত হয় এই ঘটনা ৷ ইতিমধ্যে আক্ৰমণ কৰা 9 জনক গ্ৰেপ্তাৰ ৷ আক্ৰমণকাৰীৰ পৰা বন্দুক আৰু পেট্ৰল বোমা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.