ETV Bharat / bharat

লক ডাউনৰ 17 দিনঃ অসমত মৃত্যু প্ৰথমজন কৰ'ণা আক্ৰান্তৰ, দেশজুৰি অব্যাহত আতংক

author img

By

Published : Apr 10, 2020, 9:04 PM IST

কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ হাইলান্দিৰ মৃত্যু হোৱা লোকজনক প্ৰশাসনৰ লোকে জানাজা কৰে বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পৰিয়ালটোক কোৱাৰেন্টাইন কৰা বাবে দুমহলীয়া ঘৰৰ ওপৰৰ পৰাই অন্তিম বিদায় দিয়ে পৰিয়ালৰ লোকে ৷

লক ডাউন
লক ডাউন

নিউজ ডেস্ক, 10 এপ্ৰিলঃ লক ডাউনৰ 16 দিনৰ নিশা ৰাজ্যত মৃত্যু হয় প্ৰথমজন COVID 19 ত আক্ৰান্ত ব্যক্তিৰ ৷ মৃত্যু হোৱা লোকজন হাইলাকান্দিৰ ফইজুল হ’ক বৰভূইয়া ৷ শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লোকজনৰ ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনালে এই কথা ৷ আনহাতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ হাইলান্দিৰ মৃত্যু হোৱা লোকজনক প্ৰশাসনৰ লোকে জানাজা কৰে বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পৰিয়ালটোক কোৱাৰেন্টাইন কৰা বাবে দুমহলীয়া ঘৰৰ ওপৰৰ পৰাই অন্তিম বিদায় দিয়ে পৰিয়ালৰ লোকে ৷ 14 দিনৰ বাবে গুৱাহাটীৰ আঠগাও কবৰস্থান মছজিদক কন্টেইনমেন্ট জন হিচাপে ঘোষণা কৰিবলৈ প্ৰশাসনক আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে, সুস্থ হৈ উঠিছে গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত আক্ৰান্ত হোৱা ব্যক্তিজন ৷ 8 আৰু 9 তাৰিখৰ টেষ্টত নিগেটিভ ৰিপৰ্ট আহিছে ব্যক্তিজনৰ ৷ আনহাতে অসম আৰোগ্য নিধিত বৰ্তমানলৈ সংগ্ৰহ হৈছে 70 কোটি 96 লাখ টকা ৷ 31,377 গৰাকী ব্যক্তিয়ে প্ৰদান কৰিছে এই অনুদান ৷ আজি ৰাজ্যৰ সকলো কৰ্মচাৰীৰ এদিনৰ দৰমহা ইয়াত সন্নিৱিষ্ট হ’ব ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷ এই সময়ছোৱাতো তিনিচুকীয়া , বৰপেটা আদি জিলাসমূহত চৰকাৰী আঁচনিক লৈ অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইপিনে ক্ৰমাৎ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছে গোৱালপাৰা সৰুক্ষেত্ৰীৰ কৃষকসকলে ৷ পানীৰ অভাৱহ চিৰাল ফাঁট মেলিছে ইৰাধানৰ খেতিত ৷ আজি 108 উপলদ্ধ নোহোৱাৰ বাবে লখিমপুৰৰ এগৰাকী প্ৰসূতিক ঠেলাৰে চিকিৎসালয়লৈ আনে পৰিয়ালৰ লোকে ৷ এই সময়চোৱাত মহামাৰীবিধক প্ৰতিহত কৰিবলৈ দিনে নিশাই চেষ্টা কৰি থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিচ্ছবি আঁকি উলিয়াই শিল্পী কেশৱ পাচানীয়ে ৷ আজি গোৱালপাৰা ভ্ৰমণ কৰি

দেশৰ সামগ্ৰিক পৰিৱেশ...

দিল্লীঃ 11 মাৰ্চৰ পৰা 13 মাৰ্চলৈ আলামী মাৰ্কাজ বেংগলবালী মছজিদত অংশগ্ৰহণ কৰা সকলক বিছাৰি উলিয়াবলৈ দিল্লী আৰক্ষীয়ে ব্যক্তিৰ নাম ৰেজিষ্টাৰ কৰা কম্পিউটাৰ, লেপটপ, মোবাইলসমূহ ট্ৰেক কৰিবলৈ যথোপযুক্ত চেষ্টা অব্যাহত ৰাখিছে ৷ চহৰখনৰ 23 টা কন্টেইনমেন্ট অঞ্চলত আৰক্ষীয়ে ইতিমধ্যে ভাইৰাছ সংক্ৰমণৰ পৰীক্ষাৰ কৰিবলৈ বেৰিকেটৰ ব্যৱস্থা কৰে ৷ দিল্লী আৰক্ষীয়ে মোবাইল এপ্লিকেচনৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি গৃহবন্দী সকলৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিছে ৷দিল্লীত বৰ্তমানলৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত 720 জন ব্যক্তি ৷ ইয়াৰে 22 জন আই চি ইউ ত থকাৰ লগতে 7 জনক ৰখা হৈছে ventilator ত ৷ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনে প্ৰকাশ কৰে এই কথা ৷

ছণ্ডিগড়ঃ ছণ্ডিগড়ৰ পাছতে বাহিৰলৈ ওলাই অহা সকলে মুখত মাস্ক লগোৱাতো বাধ্যতামূলক কৰে পাঞ্জাব চৰকাৰে ৷ 23 মাৰ্চৰ পৰা 9 এপ্ৰিললৈ চহৰখনৰ বিভিন্ন স্থানৰ পৰা 580 জন লক ডাউন ভংগকাৰীক আটক কৰে আৰক্ষীয়ে ৷ বিগত 18 দিনত 10,441 জন লক ডাউন ভংগকাৰীক আটক কৰে আৰক্ষীয়ে ৷পঞ্জাৱত আজিৰ দিনটোত আক্ৰান্ত হৈছে 21 জন লোক ৷ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 151 জনলৈ বৃদ্ধি ৷

কলিকতাঃ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি 30 এপ্ৰিললৈ কলিকতা উচ্চ ন্যায়ালয়ৰ দৈনিক কৰ্মৰাজী, চাৰ্কিট বেন্স, ট্ৰিবুনেলচ আৰু চাবঅৰদিনেট ক'ৰ্টৰ কাম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে কলিকতা উচ্চ ন্যায়ালয়ে৷ এই সময়ছোৱাতো লক ডাউন উলংঘন কৰাবলৈ চৰকাৰী ষ্টিকাৰ ব্যৱহাৰ কৰি ভূৱা আৰক্ষী সজা 4 জন যুৱকক আটক কৰে আৰক্ষীয়ে ৷

মুম্বাইঃ মুম্বাইৰ বস্তী অঞ্চল ধাৰাবীত পুনৰ 5 জন লোক COVID 19 ত আক্ৰান্ত হয় ৷ চহৰখনৰ চাউথ মুম্বাই হাস্পতালৰ এজন চিকিৎসকৰ পত্নীয়ো কৰ'ণাত আক্ৰান্ত হয় ৷ এছিয়াৰ সবাটোতকৈ ডাঙৰ বস্তী অঞ্চলত বৰ্তমানলৈ 17 গৰাকী COVID 19 ত আক্ৰান্ত হোৱাৰ লগতে 3 জন ইতিমধ্যে নিহত হৈছে ৷ দিল্লীত বৰ্তমানলৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত 720 জন ব্যক্তি ৷ ইয়াৰে 22 জন আই চি ইউ ত থকাৰ লগতে 7 জনক ৰখা হৈছে ventilator ত ৷ দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনে প্ৰকাশ কৰে এই কথা ৷

লক্ষ্নৌঃ চহৰখনৰ কেবাখনো কবৰস্থানত ইতিমধ্যে তলা লগাইছে প্ৰশাসনে ৷ চবে বৰাটত য়াতে চুন্নী মুছলিমসকলে কবৰত গৈ ভিৰ কৰিব নোৱাৰে তাৰবাবে এই সিদ্ধান্ত প্ৰশাসনৰ ৷ প্ৰশাসনে হ'টস্পট হিচাবে বিচাৰি উলিওৱা 12 টা অঞ্চলত প্ৰায় 1 লাখ মানুহ আছে ৷ ইতিমধ্যে অঞ্চলসমূহ ছীল কৰিছে প্ৰশাসনে ৷

হাইদৰাবাদঃ লক ডাউনৰ সময়ছোৱাত 1,400 কিল’মিটাৰ স্কুটি চলাই পুত্ৰক ঘৰলৈ ওভতাই নিলে মাতৃয়ে ৷ লক ডাউনৰ বাবে সকলো বন্ধ হোৱাত অন্ধ্ৰ প্ৰদেশৰ পৰা তেলেংগানালৈ গৈ পুত্ৰক ঘৰলৈ নিলে ৰাজীয়া বেগম নামৰ মহিলাগৰাকীয়ে ৷ ইয়াৰ বাবে আৰক্ষীৰ পৰা বিশেষ অনুমতি লৈছিল মহিলাগৰাকীয়ে ৷ কৰ'ণাত আক্ৰান্ত ৰোগীৰ বৃদ্ধিৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি কন্টেইনমেন্ট জ'নৰ সংখ্যা বৃদ্ধি হব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.