ETV Bharat / bharat

উৰিষ্যাত উদ্ধাৰ দুষ্প্ৰাপ্য হালধীয়া কাছ

author img

By

Published : Jul 20, 2020, 1:13 PM IST

দেওবাৰে উৰিষ্যাৰ বালাছোৰত উদ্ধাৰ এটি দুষ্প্ৰাপ্য কাছ । স্থানীয় লোকে কাছটো উদ্ধাৰ কৰি গতাই দিয়ে বন বিভাগক । উদ্ধাৰ হোৱা কাছটোৰ ওজন প্ৰায় ৩০ কিলোগ্ৰাম হ'ব বুলি অনুমান বন বিষয়াৰ ।

হালধীয়া কাছ
হালধীয়া কাছ

নিউজ ডেস্ক, ২০ জুলাইঃ উৰিষ্যাৰ বালাছোৰ জিলাত দেওবাৰে উদ্ধাৰ কৰে এটি দুষ্প্ৰাপ্য কাছ । বালাছোৰ জিলাৰ ছোৰো ব্লকৰ সুজানপুৰ গাঁৱত স্থানীয় লোকে উদ্ধাৰ কৰে কাছটো । স্থানীয় লোকে কাছটো উদ্ধাৰ কৰি খবৰ দিয়ে বন বিভাগক । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱাৰ পাচতে উদ্ধাৰকাৰী দলটোৱে বন বিভাগক গটাই দিয়ে দুষ্প্ৰাপ্য কাছটো ।

আনহাতে, কাছটো সন্দৰ্ভত এজন বন বিভাগৰ বিষয়াই কয় যে, "এই উদ্ধাৰ হোৱা কাছটোৰ দৰে এনে প্ৰজাতিৰ কাছ আগতে উৰিষ্যাত কেতিয়াও প্ৰত্যক্ষ কৰা নাই । এই দুষ্প্ৰাপ্য কাছটোৰ শৰীৰটো সম্পূৰ্ণ হালধীয়া ৰঙৰ । এই কাছটোৰ ওজন প্ৰায় ৩০ কিলোগ্ৰাম হোৱাৰ উপৰিও ইয়াৰ বয়স প্ৰায় ৫০ বছৰ হ'ব অনুমান কৰা হৈছে ।"

ইয়াৰ পূৰ্বেও উৰিষ্যাৰ কালাহান্দী জিলাত ধৰমগড়ৰ ভীমখোজ পাড়া ৰোডত উদ্ধাৰ কৰা হৈছিল এটি বিৰল প্ৰজাতিৰ কাছ । উদ্ধাৰ হোৱা কাছটোৰ ওজন প্ৰায় ৪২ কিলোগ্ৰাম বুলি জানিবলৈ দিয়ে বন বিভাগে । উল্লেখ্য যে, দেশৰ ভিতৰতে উৰিষ্যা অলিভ ৰিডলে কাছৰ বাবে প্ৰসিদ্ধ আৰু এইখন ৰাজ্যতে ভাৰতৰ প্ৰায় ৯০ শতাংশ কাছ পোৱা যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.