নিউজ ডেস্ক, 10 আগষ্টঃ জম্মু কাশ্মীৰত জাৰি কৰা ধাৰা 144 সামগ্ৰিকভাৱে উঠাই লোৱা হৈছে ৷ জম্মু-কাশ্মীৰলৈ সাধাৰণ অৱস্থা ঘূৰি অহাৰ বাবেই এইদৰে সাময়িকভাৱে স্থগিত ৰখা হয় ধাৰা 144 ৷ অনুচ্ছেদ 370ৰ প্ৰত্যাহাৰ কৰাৰ লগতে জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক 2019ৰ পিচতে জম্মু-কাশ্মীৰত অনিৰ্দিষ্টকালীন 144 ধাৰা জাৰি কৰাৰ লগতে বন্ধ হৈ আছিল সকলোধৰণৰ ইন্টাৰনেট, ম'বাইল সেৱাকে ধৰি বিদ্যালয় তথা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান ৷
শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পৰিস্থিতি সাধাৰণ অৱস্থালৈ ঘূৰি আহিছে ৷ সেইফালৰ পৰাই সংশ্লিষ্ট প্ৰশাসনে, ধাৰা 144 প্ৰত্যাহাৰ কৰাৰ লগতে মুকলি কৰা হৈছে বিদ্যালয় তথা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান ৷ অহা 31 অক্টোৱৰত লাডাখ আৰু জম্মু-কাশ্মীৰক আনুষ্ঠানিকভাৱে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰা হ'ব ৷