ETV Bharat / bharat

ব্যক্তিগতকৰণ কৰা হ'ব সুৰাৰ বিক্ৰী : কমল হাছান - অভিনয়ৰ জগতৰ

অভিনয়ৰ জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা কমল হাছানে মাদুৰাইৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰে । প্ৰথমখন প্ৰচাৰ সভাত অংশ লৈ তেওঁ কয় যে, তেওঁৰ দলে যদি জয় লাভ কৰে, তেন্তে তেওঁ সুৰা বিক্ৰী ব্যক্তিগতকৰণ কৰিব, যি বৰ্তমান ৰাজ্য চৰকাৰৰ মালিকানাধীন ।

সুৰা বিক্ৰী ব্যক্তিগতকৰণ কৰা হ'বঃ কামাল হাছান

author img

By

Published : Dec 14, 2020, 10:10 PM IST

নেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : তামিলনাডুত বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে । সমান্তৰালকৈ মক্কল নিধি মৈয়ামৰ প্ৰধান কমল হাছানেও দেওবাৰে মাদুৰাইৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰে । অভিযানৰ এক অংশ হিচাপে তেওঁ মহিলা, যুৱক আৰু ছাত্ৰ-ছাত্ৰীৰে আলোচনাত মিলিত হয় । এই কাৰ্যসূচীত কমাল হাছানে ৰাজনৈতিক নেতাৰ ৰূপত কয় যে, মক্কল নিধি মৈয়াম এম জি আৰৰ মাদুৰাইক তামিলনাডুৰ দ্বিতীয় ৰাজধানী কৰাৰ সপোন পূৰ্ণ কৰিব ।

তেওঁ কয় যে, 'ৰাজ্যত ভ্ৰষ্টাচাৰৰ অন্ত পেলোৱাৰ সময় আহি পৰিছে । মই পূৰ্ব প্ৰস্তুতি অবিহনে কোনো ঠাইলৈ নাযাও । জনতাই ৰাজনীতি নিজৰ হাতত লোৱাৰ প্ৰয়োজন ।' ধনৰ বিনিময়ত ভোট ক্ৰয় কৰিব বিচৰা ৰাজনৈতিক দলক গৰিহণা দিয়ে কমল হাছানে । তেওঁ লগতে কয় যে, তেওঁলোকৰ দলৰ একমাত্ৰ প্ৰতিশ্ৰুতি হৈছে নিকা, দুৰ্নীতিবিহীন চৰকাৰ । আনহাতে, ৰাজ্যৰ মালিকানাধীন সুৰাৰ বিপণী সন্দৰ্ভত তেওঁ কয় যে, যেতিয়া আমি চৰকাৰ গঠন কৰিম তেতিয়া সুৰা বিক্ৰী ব্যক্তিগতকৰণ কৰা হ'ব । খোৱাপানী বিনামূলীয়া কৰা হ'ব ।

লগতে পঢ়ক:ছাংপোত বান্ধ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হৈছে চীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.