ETV Bharat / bharat

সুৰা মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী বিষয়া

বিহাৰৰ পাটনাত সুৰা মাফিয়াৰ গুণ্ডাগিৰি। অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় অবৈধ সুৰা ব্যৱসায়ী । দুই ফৈডৰ সংঘৰ্ষত কেইবাগৰাকীও আৰক্ষীৰ লগতে এটা সুৰা ব্যৱসায়ীও আহত হয় ।

বিহাৰত সুৰা মাফিয়াৰ আক্ৰমণত আহত আৰক্ষী বিষয়া

author img

By

Published : Sep 5, 2020, 4:51 PM IST

নেশ্যনেল ডেস্ক, ৫ছেপ্টেম্বৰ: পাটনাৰ মীঠাপুৰ জিলাত অবৈধ সুৰা ব্যৱসায়ীৰ দপদপনি । আৰক্ষীকো ভয় নকৰে সুৰা ব্যৱসায়ীয়ে । শনিবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীক সুৰা ব্যৱসায়ীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷

বিশেষ সূত্ৰৰ পম খেদি মীঠাপুৰৰ জনকপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় । অবৈধভাৱে সুৰা প্ৰস্তুত কৰাৰ খবৰ পাই আৰক্ষীয়ে তালাচী চলায় আৰু অবৈধভাৱে সুৰা প্ৰস্তুত কৰি থকা অৱস্থাতে হাতে-লোটে ধৰা পেলায় কেইবাটাও সুৰা ব্যৱসায়ীক । অবৈধ সুৰাখিনি জব্দ কৰাৰ পিছতে গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া চলাই থাকোতেই আৰক্ষীৰে হতাহতিত লিপ্ত হয় সুৰা ব্যৱসায়ীকেইটাই ।

দুই পক্ষৰ সংঘৰ্ষত কেইবাগৰাকীও আৰক্ষীৰ লগতে এটা সুৰা ব্যৱসায়ীও আহত হয় বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । এই ঘটনাত আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হয় । আহত আৰক্ষী বিষয়াসকলক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বিহাৰ চৰকাৰে সুৰা ব্যৱসায়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত সুৰা ব্যৱসায়ী আৰু আৰক্ষীৰ মাজত প্ৰথমবাৰৰ বাবে সংঘৰ্ষৰ সূত্ৰপাত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.