ETV Bharat / bharat

গেছ নিৰ্গমণৰ বাবে এলজি পলিমাৰেই দায়ীঃৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ - বিশাখাপট্টনমত সংঘটিত গেছ নিৰ্গমণৰ ঘটনা

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে বিশাখাপট্টনমত সংঘটিত গেছ নিৰ্গমণৰ ঘটনাৰ বাবে এলজি পলিমাৰ ইণ্ডিয়া নামৰ সংস্থাটোকে দায়ী বুলি প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে সংস্থাটোৰ ওপৰত 50 কোটিৰ জৰিমণা বিহাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

গেছ নিৰ্গমণৰ বাবে এলজি পলিমাৰেই দায়ী বুলি ক'লে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে

author img

By

Published : Jun 3, 2020, 8:50 PM IST

নিউজ ডেস্ক, 3 জুনঃ দক্ষিণ কোৰিয়াৰ সংস্থা এলজি পলিমাৰ ইণ্ডিয়াক বিশাখাপট্টনমত সংঘটিত গেছ নিৰ্গমণ ঘটনাৰ বাবে দায়ী বুলি কৈছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৷ গেছ নিৰ্গমণৰ ফলত নিহত হোৱা লোক আৰু পৰিৱেশৰ ক্ষতিৰ বাবে ইয়াৰ ক্ষতিপূৰণ হিচাপে সংস্থাটোক 50 কোটি টকা জৰিমনা বিহিবলৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয়ক নিৰ্দেশ প্ৰদান কৰিছে ৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তিনিগৰাকী প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু পৰিৱেশ মন্ত্ৰালয়ৰ চাৰিগৰাকী প্ৰতিনিধিৰ দ্বাৰা গঠিত কমিটীখনক এইদৰে নিৰ্দেশনা প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৷

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলে কয় যে,জৰিমনাৰ অন্তিম ৰাশি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা সংস্থাৰ দ্বাৰা গঠিত সংযুক্ত কমিটীয়ে নিৰ্ধাৰণ কৰিব ৷ অৰ্থাৎ এলজি পলিমাৰ ইণ্ডিয়াক জাপি দিয়া 50 কোটি জৰিমনা আৰু অধিক বৃদ্ধি পাব পাৰে ৷

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ খণ্ড বিচাৰপীঠৰ আন এগৰাকী সদস্য ন্যায়াধীশ শেউ কুমাৰ সিঙে কয় যে, কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ সচিবে এই কমিটীত কোনো সহযোগী অথবা সংস্থাক সংযুক্ত কৰিব বিচাৰিলে দুসপ্তাহৰ ভিতৰত তাক অনুমতি দি আগন্তুক দুমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

অন্ধ্ৰপ্ৰদেশৰ মুখ্য সচিবক সমগ্ৰ ঘটনা সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰি এলজি পলিমাৰ ইণ্ডিয়াক কিহৰ ভিত্তিত এইদৰে কাম আৰম্ভ কৰিবলৈ দিয়া হৈছিল সেই সন্দৰ্ভতো প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে ৷ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে আগন্তুক তিনিমাহৰ ভিতৰত সমগ্ৰ বিষয়টোৰ এক প্ৰতিবেদন দাখিল কৰি আগন্তুক সময়ত এনেকুৱা ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে চাওকঃ পেলনীয়া সামগ্ৰীৰে স্বয়ংচালিত হেণ্ডৱাশ্ব যন্ত্ৰ নিৰ্মাণ দশম শ্ৰেণীৰ ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.