ETV Bharat / bharat

কৃষকসকলক জীয়াই থাকিব দিয়ক! - farmer suicide in India

বিগত 25 বছৰে দেশৰ সফল চৰকাৰসমূহে কৃষকসকলৰ সমস্যা নিবাৰণ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ ই এক হৃদয় বিদাৰক এইবাবে যে এওঁলোক আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ যিয়েই দেশৰ 135 মিলিয়ন দেশবাসীৰ বাবে খাদ্যৰ যোগান ধৰাৰ লগতে খাদ্যৰ নিশ্চয়তা প্ৰদান কৰে ৷ কিন্তু সাম্প্ৰতিক সময়ত তেওঁলোক আশাহীনতাত ভূগি এক অপমৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে ৷ শেহতীয়াভাৱে ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থাৰ প্ৰতিবেদন(ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ)ৰ প্ৰকাশিত তথ্যনুসৰি সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত 2016 বৰ্ষত 11,379 গৰাকী কৃষকৰ লগতে পাম কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লৈছে ৷

কৃষকসকলক জীয়াই থাকিব দিয়ক!
author img

By

Published : Nov 14, 2019, 3:20 PM IST

বিগত 25 বছৰে দেশৰ সফল চৰকাৰসমূহে কৃষকসকলৰ সমস্যা নিবাৰণ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ ই এক হৃদয় বিদাৰক এইবাবে যে এওঁলোক আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ যিয়েই দেশৰ 135 মিলিয়ন দেশবাসীৰ বাবে খাদ্যৰ যোগান ধৰাৰ লগতে খাদ্যৰ নিশ্চয়তা প্ৰদান কৰে ৷ কিন্তু সাম্প্ৰতিক সময়ত তেওঁলোক আশাহীনতাত ভূগি এক অপমৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে ৷ শেহতীয়াভাৱে ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থাৰ প্ৰতিবেদন(ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ)ৰ প্ৰকাশিত তথ্যনুসৰি সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত 2016 বৰ্ষত 11,379 গৰাকী কৃষকৰ লগতে পাম কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লৈছে ৷ আত্মহত্যাৰ পথ বাছি লোৱা কৃষকৰ ভিতৰত প্ৰতিদিনে গড়ে 31 জনকৈ আৰু প্ৰতিমাহত 948 গৰাকী কৃষকে আত্মহত্যাৰ পথ গ্ৰহণ কৰে ৷ অৱশ্যে কৃষকৰ আত্মহত্যাৰ সংখ্যা 2014 আৰু 2015 চনৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছে ৷ প্ৰাপ্ত তথ্যনুসৰি 2014 বৰ্ষত ইয়াৰ সংখ্যা 12,360 হোৱাৰ বিপৰীতে 2015 ত কৃষক আত্মহত্যাৰ ঘটনা হৈছে 12,602 টা ৷ কৃষকৰ আত্মহননৰ পঞ্জীয়নভুক্ত ঘটনাৰ ফালৰ পৰা বিগত কিছুবছৰ ধৰি মহাৰাষ্ট্ৰই শীৰ্ষস্থান দখল কৰি আহিছে ৷ 2016 চনত ৰাজ্যখনত ইয়াৰ সংখ্যা হৈছে 3,661 ৷ মহাৰাষ্ট্ৰৰ পিছতে ক্ৰমে 2,078 টা ঘটনাৰ সৈতে কৰ্ণাটক,1,321 টাৰ সৈতে মধ্যপ্ৰদেশ আৰু 804 টাকৈ কৃষক আত্মহত্যাৰ ঘটনাৰ সৈতে অন্ধ্ৰ প্ৰদেশে শীৰ্ষ তালিকাত স্থান লাভ কৰিছে ৷ ইফালে প্ৰতিবেদনত প্ৰকাশিত তথ্যনুসৰি কৃষকৰ আত্মহত্যাৰ সংখ্যা 21 শতাংশলৈ হ্ৰাস পাইছে, কিন্তু একে সময়তে পাম কৰ্মীৰ আত্মহত্যাৰ সংখ্যা 10 শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ (ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ,(চমুকৈ এন চি আৰ বি) য়ে তেওঁলোকৰ পূৰ্বৰ প্ৰতিবেদনত কৃষক আত্মহত্যাৰ সন্দৰ্ভত বিশেষ কিছু কাৰণ উল্লেখ কৰিছে ৷ সেইসমূহৰ ভিতৰত- শস্যৰ অনিষ্ট,উপাৰ্জন হেৰুওৱা, ঋণৰ বোজা,পাৰিবাৰিক সমস্যা আৰু শাৰীৰিক পৰিপুষ্টিহীনতা আৰু অসুস্থতাই মূলতঃ কৃষকসকলক আত্মহননৰ বাবে বাধ্য কৰি তোলে ৷ যদিহে ঋণ লোৱাটো কৃষক আত্মহত্যাৰ অন্যতম কাৰণ, তেন্তে এই ঋণসমূহৰ বিৱৰণৰ লগতে কৃষকৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়েও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ যদিও সদ্যপ্ৰকাশিত প্ৰতিবেদনত তথ্য সংযুক্তৰ বাবে কেইবাটাও শ্ৰেণী অন্তৰ্ভুক্ত কৰা হৈছে, তথাপি এই বিৱৰণসমূহে প্ৰকৃত ছবিখনক দাঙি ধৰিব পৰা নাই ৷ প্ৰকাশিত প্ৰতিবেদনত পশ্চিমবংগৰ বিষয়ে এইবুলি বিৱৰণ আহিছিল যে 6270 জন কৃষকৰ লগতে 5109 জন পাম মজদুৰ ও কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল ৷

The statistics of farmer's suicide in India
ভাৰতত কৃষক আত্মহত্যাৰ পৰিসংখ্যা

এন চি আৰ বিয়ে এতিয়ালৈকে যুগুতোৱা সংগ্ৰহ অনুসৰি 1995 চনৰ পৰা 2016 লৈকে সমগ্ৰ দেশত 3 লাখ 30 হাজাৰ 407 গৰাকী কৃষকে আত্মহত্যাৰ কৰাৰ তথ্য পঞ্জীয়নভুক্ত হৈছে ৷ ভাৰতীয় প্ৰশাসনিক বিষয়া মি: পি চি বোধৰ অনুমান মতে একেধৰণৰ অৱস্থা বৰ্তি থাকিলে 2020 লৈকে 4 লাখ কৃষকে উপায়হীন হৈ নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈ পৰিব ৷ কৃষকসকলৰ দুখ-দুৰ্দশাৰ অন্ত কাহানিও নপৰিব যেনেই পৰিলক্ষিত হৈছে ৷ অথচ তেওঁলোকেই দিনা-নিশাই ৰ'দ আৰু বৰষুণক নেওচি ফচল উৎপাদনৰ বাবে কাম কৰে ৷ ফচলৰ সঠিক উৎপাদনৰ ব্যৰ্থতাৰ উপৰিও বেংকৰ ঋণৰ বোজা, উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য নোপোৱা, সংৰক্ষণ ভঁৰালৰ অভাৱৰ বাবে এজন কৃষকে নিজৰ জীৱনৰ শেষ কৰি ল'বলৈ বাধ্য হয় ৷ মহাৰাষ্ট্ৰত 1818 চন আৰু 2013 ৰ ভিতৰত 15,356 জন কৃষকে আত্মহত্যা কৰিছে ৷ তাৰ তিনিমাহ আগতে হোৱা দুৰ্ভিক্ষৰ তাণ্ডৱতো বহু কৃষকৰ মৃত্যু হৈছিল ৷

Farmer's Suicide in India
ভাৰতত কৃষকৰ আত্মহত্যা

সাম্প্ৰতিক সময়ত অত্যাধিক বানপানীয়ে পকী ফচলক নষ্ট কৰিছে ৷ কেৱল মহাৰাষ্ট্ৰৰেই নহয়, বৰং সমগ্ৰ দেশৰ কৃষকসকলৰ একেই দুৰ্দশা ৷ কৃষক সংঘই চলিত বৰ্ষত 280 টা কৃষি সম্বন্ধীয় আত্মহননৰ ঘটনা ভূলকৈ প্ৰতিবেদনত প্ৰকাশ কৰিছিল ৷ কিন্তু ইয়াৰ সংখ্যা প্ৰতিবছৰে অতিকমেও হাজাৰৰো অধিক হ'ব ৷ পাম মজদুৰ বা কৰ্মীৰ মৃত্যুৰ সংখ্যাৰ কৃষকৰ আত্মহত্যা ঘটনা পঞ্জীয়নভুক্ত হোৱা 17 খন ৰাজ্যৰ তুলনাত অত্যন্ত বেছি ৷ যিয়েই দেশৰ গ্ৰাম্য অৰ্থনীতিৰ মন্দাৱস্থাৰ ছবিখন ফুটাই তোলে ৷ ইয়াৰ লগত সংগতি ৰাখি এটি সূক্ষ্ম পুনৰীক্ষণৰ প্ৰয়োজন হৈ পৰিছে এই কথা উপলব্ধি কৰাৰ ক্ষেত্ৰত যে নিয়োগ নিশ্চিতকৰণ আঁচনিয়ে কোনটো পৰ্যায়লৈ আনিব পৰা যাব ৷ যাৰ দ্বাৰা দৈনিক মজুৰি লাভ কৰা পাম মজদুৰসকলক সহায় আগবঢ়োৱা হৈছে ৷ যিটো তৃণমূল পৰ্যায়ত কৃতকাৰ্য আছিল ৷ এইক্ষেত্ৰত এইবুলি আশ্বস্ত কৰা হৈছিল যে কৃষকৰ আয় 2022 ৰ ভিতৰত অভিলাষী কাৰ্যপন্থাৰ জৰিয়তে দুগুণ কৰা হ'ব ৷

কেন্দ্ৰীয় চৰকাৰে এক আঁচনিৰ শুভাৰম্ভণি ঘটাই কৃষকসকলক প্ৰতিবছৰে 6000 টকা প্ৰদান কৰিছে ৷ ইয়াৰ বাবে বিশেষ কাৰ্যপন্থাৰ তৈয়াৰ আৰু ৰূপায়ণৰ জৰিয়তে বজাৰত কৃষিজাত সামগ্ৰীৰ বজাৰ মূল্যৰ বঢ়া-টুটা, কৃষিজাত অনুশীলন, আৰু কৃষিখণ্ডত বেচৰকাৰী বিনিয়োগ আদি দিশসমূহক মূল্যাংকন কৰি সংস্কাৰসমূহৰ ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰীসকলৰ বিশেষ কমিটী গঠন কৰা হৈছিল ৷ মহাৰাষ্ট্ৰত ফাড়নাবিচ মুখ্যমন্ত্ৰী হৈ থকা সময়ত 3 মাহ আগতে বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈছিল, সিও আজি অনিশ্চিত ৷ এইটো মন কৰিবলগীয়া সংসদত এক বিশেষ অধিৱেশনৰ ব্যৱস্থা কৰি কিদৰে ভাৰতীয় কৃষক সমাজক বিশেষ কাৰ্য পন্থাৰ যোগেদি সহায় কৰিব পাৰি সেই সন্দৰ্ভত বহু কৃষকসকলৰ সন্থাৰ আহ্বানক কোনো সন্মান প্ৰদৰ্শন কৰা নহ'ল ৷ পাৰিসাংখ্যিক তথ্যনুসৰি 2015 বিত্তীয় বৰ্ষত 80 শতাংশ কৃষকে বেংক বা ক্ষুদ্ৰ বিনিয়োগ প্ৰতিষ্ঠানৰ পৰা ঋণ লৈছে ৷ কৃষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সমবায় ক্ৰেডিট নিৰ্দ্ধাৰিত লক্ষ্যতকৈ সদায়েই বহু দূৰত ৷ জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱে ক্ষুদ্ৰ পামৰ গৰাকীসকললৈ কঢ়িয়াই অনা সমস্যাই ইয়াক এক আনুষ্ঠানিক প্ৰত্যাহ্বানলৈ পৰিৱৰ্তিত কৰি তুলিছে৷ জিলাসমূহৰ উপৰিও ৰাজ্য বা আঞ্চলিক পৰ্যায়ত জলবায়ু অনুকূল কৃষি পদ্ধতিৰ ক্ষেত্ৰত মুম্বাই ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান( আই আই টি, মুম্বাই)য়ে এই বিষয়ত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ বৈজ্ঞানিকসকলে অন্যান্য বানপীড়িত এলেকাত কেৰালাৰ বান প্ৰতিৰোধী পক্কালি পেডী ব্যৱহাৰৰ পৰামৰ্শ প্ৰদান কৰিছে ৷ বিজ্ঞানৰ সৈতে কৃষিক সংলগ্ন কৰা আৰু কৃষকৰ জীৱনক দেশৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত যোগাত্মক হিচাবে স্বীকৃতি প্ৰদান কৰাৰ এয়াই গুৰুত্বপূৰ্ণ সময় ৷

Farmer's Suicide in India
ভাৰতত কৃষকৰ আত্মহত্যা

আৰু পঢ়ক ৰাফেল আৰু সাবৰিমালাৰ ৰায়দানৰ শেহতীয়া খবৰ LIVE UPDATE

Intro:Body:

let famer be alive

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.