ETV Bharat / bharat

CWC বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ আভ্যন্তৰীণ মহলত অধ্যক্ষ পদৰ বাবে চৰ্চা - নিৱনুৱা সমস্যা

কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে আভ্যন্তৰীণ মহলত চৰ্চা ৷ গান্ধী পৰিয়াল লোক অধ্যক্ষ হ'ব নে অন্য লোক অধিষ্ঠিত হ'ব সেই বিষয়তো চৰ্চা দলৰ মাজত ৷ লগতে, দলটোৰ ভেটি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ আলোচনা ৷

Leadership crisis hits Congress a day ahead of crucial CWC meet
CWC বৈঠকৰ পূৰ্বে কংগ্ৰেছৰ আভ্ৰন্তৰীণ মহলত অধ্যক্ষ পদৰ বাবে চৰ্চা
author img

By

Published : Aug 24, 2020, 1:19 PM IST

Updated : Aug 24, 2020, 2:48 PM IST

নিউজ ডেস্ক, 24 আগষ্ট : দেশত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে কংগ্ৰেছৰ দলৰ অধ্যক্ষ পদৰ বাবে গান্ধী পৰিয়ালৰ লোক আগবাঢ়ি আহিব নে অন্য কোনো লোক আগবাঢ়ি আহিব তাকে লৈ বৰ্তমান দলটোৰ মাজত আলোচনা অব্যাহত আছে ৷ যদিওবা গান্ধী পৰিয়ালৰ লোক দলটোৰ অধ্যক্ষৰ বাবে আগবাঢ়ি আহে তেতিয়াহলে সেই পদটোত ছোনিয়া গান্ধী নে ৰাহুল গান্ধী অধিষ্ঠিত হ'ব তাকে লৈয়ো দলটোৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

উল্লেখ্য যে, জুলাইত দলটোৰ 23 গৰাকী শীৰ্ষ নেতাৰ হস্তাক্ষৰত প্ৰেৰণ কৰা এখন পত্ৰ ভিত্তিত দলটোৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ কথা আছে ৷ উক্ত আলোচনাত দলটোৰ শেহতীয়া স্থিতি সন্দৰ্ভতো শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰ শাসনলৈ অহাৰ সময়ৰে পৰাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিভাগত খহনীয়া আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বিগত বহু কেইটা দশক ধৰি তীব্ৰ আৰ্থিক সংকট আৰু সংঘাতৰ পাচতো দলটোৰ ভেটি মজবুত হৈ আছে ৷ কিন্তু সেই অনুপাতে কংগ্ৰেছ দলে নিজৰ স্থিতি সন্দৰ্ভত তথা দলটো ধৰি ৰখাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই বুলি আভ্যন্তৰীণ মহলত চৰ্চা অব্যাহত আছে ৷

কংগ্ৰেছ দলটোৰ বিপদঘন্টা 2014 বৰ্ষৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া 2014 চনৰ লোকসভা নিৰ্বাচনত দলটোৱে 543 খন আসনৰ ভিতৰত 44 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ তেতিয়াই দলটোৰ অধ্যক্ষ পদৰ পৰাই ছোনিয়া গান্ধীয়ে পদত্যাগ কৰিছিল ৷ পৰৱৰ্তী সময়ত 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত পুনৰ দলটোৱে আন এক সংঘাতৰ সন্মুখীন হ'ব লগা হৈছিল, য'ত দলটোৱে 543 খন আসনৰ ভিতৰত মাত্ৰ 52 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ পিচতে দলটোৰ অধ্যক্ষ পদৰ পৰাও ৰাহুল গান্ধীয়ে পদত্যাগ কৰিছিল ৷

শেহতীয়াকৈ পুনৰ দলটোৰ অধ্যক্ষ পদৰ বাবে দলটোৰ মাজত আলোচনা অব্যাহত আছে যদিও ৰাহুল গান্ধীয়ে দলটোৰ অধ্যক্ষ পদৰ বাবে গান্ধী পৰিয়ালৰ বাদে অন্য লোকক অধ্যক্ষ পদত অধিষ্ঠিত কৰিবৰ বাবে দলটোক আলোচনা কৰিবলৈ আহ্বান জনাইছে ৷

ইফালে, CWC ৰ বৈঠকৰ এদিন পূৰ্বে দলটোৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীয়ে দলটোৰ অধ্যক্ষ পদৰ বাবে এগৰাকী অন্য নেতাক নিৰ্বাচন কৰিবৰ বাবে আহ্বান জনাইছে ৷

2017 চনত দলটোত ৰাহুল গান্ধী অধ্যক্ষ হৈ থকাৰ সময়ত 2018 বৰ্ষত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তিছগড় বিধানসভা নিৰ্বাচনত আশা কৰাতকৈ অধিক হাৰত জয়লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু 2019 চনৰ লোকসভা নিৰ্বাচনত দলটোৱে মুখ থেকেচা খোৱাৰ পিচত দলটোৰ অৱস্থা বৰ্তমান বঠাবিহীন নাওৰ দৰে হোৱা দেখিবলৈ পোৱা গৈছে ৷

একেসময়তে দলটোৰ সংকটৰ সময়ত চলিত বৰ্ষত কংগ্ৰেছ দলে মধ্য প্ৰদেশৰ দলটোৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কমলনাথ চৰকাৰ মৃত্যুৱে দলটোৰ অৱস্থা আৰু অধিক ঠুনুকা কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰৰ খহনীয়াইও দলটো লৈ ভাবুকিৰ সৃষ্টি কৰিছে ৷

বৰ্তমান দলটোৱে কেৱল পঞ্জাৱ, ৰাজস্থান, ছত্তিছগড় আৰু পণ্ডিচেৰীত নিজৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু বিহাৰৰ দৰে বিশাল ৰাজ্যত কংগ্ৰেছ সম্পূৰ্ণৰূপে অস্তিত্বহীন হোৱা পৰিলক্ষিত হৈছে ৷

একেদৰে বিগত বৰ্ষত দলটোৱে কৰ্ণাটতকত জনতা দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি ক্ষমতাৰ বাবে এক বিতৰ্কৰ মাজলৈ অহা পৰিলক্ষিত হৈছিল ৷

ইফালে, 1998 চনৰ পৰা 2017 চনলৈ ছোনিয়া গান্ধী ৰাষ্ট্ৰপ্ৰতি হৈ থকাৰ সময়ত তেওঁৰ কিছু সহনশীল গুন আৰু মিলাপ্ৰীতি মনোভাৱৰ বাবে তেওঁক দলটোৰ গৰিষ্ঠ সংখ্যক লোকে সন্মান জনাইছিল ৷ যাৰবাবে তেওঁক বৰ্তমানেও সেই সময়ৰ পুৰণি নেতা তথা বৰ্তমানৰ নেতাই সন্মান কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু বৰ্তমান নেত্ৰী গৰাকীৰ স্বাস্থ্যজনিত বা অন্য কিছু কাৰণৰ বাবে দলটোৰ শীৰ্ষ পদত অধিষ্ঠিত হ'বলৈ অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে দলটোক পৰৱৰ্তী সময়ত সঠিক ৰূপত আগবঢ়াই নিবলৈ এগৰাকী নতুন অধ্যক্ষৰ প্ৰয়োজন ৷

ছোনিয়া গান্ধীৰ পিচতে ৰাহুল গান্ধীয়ে দলটোক সঠিকভাৱে পৰিচালিত কৰিবলৈ সক্ষম হৈছিল কিন্তু বিগত বৰ্ষত ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিচত দলটোৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল ৷

বৰ্তমান দলটোৱে এক বৃহৎ সংখ্যক সময়ৰ ব্যৱধানত মুখ থেকেচা খাইছে যদিও দেশৰ নিৱনুৱা সমস্যা, আৰ্থিক দুৰৱস্থা, সাম্প্ৰদায়িক বিভাজন, দৰিদ্ৰতা, কৃষিখণ্ডৰ সংকট আদি বহু জলন্ত সমস্যা সন্দৰ্ভত পুনৰ দলটো ঠন ধৰি উঠিব পাৰে ৷ কিন্তু জলন্ত সমস্যা সন্দৰ্ভত নিজৰ স্থিতি সবল কৰাৰ আগত প্ৰথম দলটোৱে নিজৰ আভ্যন্তৰীণ ভেটি সবল কৰাৰ প্ৰয়োজন আছে ৷

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পিচতে ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীৰ লগতে বলবৎ হোৱা সৰহ সংখ্যক আঁচনি বিৰোধ কৰা পৰিলক্ষিত হৈছে ৷ ইযাৰ উপৰিও তেওঁ, ভাৰতৰ অৰ্থ-ব্যৱস্থা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সৈতে আলোচনা কৰা পৰিলক্ষিত হৈছে ৷ লগতে, শেহতীয়াকৈ COVID-19 পৰিস্থিতি সন্দৰ্ভত অৰ্থ ব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ বাবে চিন্তা চলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : লক ডাউন ভংগ কৰি নগাঁৱত বিধায়কৰ নিৰ্বাচনী সভা

Last Updated : Aug 24, 2020, 2:48 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.