ETV Bharat / bharat

স্বাভাৱিক অৱস্থালৈ আহিছে দিল্লীৰ আইন শৃংখলা পৰিস্থিতি - দিল্লীৰ আইন ব্যৱস্থা

দিল্লীত হোৱা হিংসাত্মক ঘটনাৰ পাচতেই এতিয়া ক্ৰমান্বয়ে উত্তৰ পূব দিল্লীৰ পৰিস্থিতি সুস্থিৰ হৈ আহিছে বুলি নাগৰিক সকলক আশ্বাস প্ৰদান দিল্লী পুলিক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া এম এছ ৰান্ধাৱাৰ ৷ বৰ্তমানলৈকে দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত থকাৰ সন্দৰ্ভত 712 টা গোচৰ ৰুজু কৰাৰ বিপৰীতে 200 গৰাকীতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷

Law and order situation in Delhi is normal, closely monitoring all PCR calls: Delhi Police PRO MS Randhawa
সামান্য স্থিতিত আছে দিল্লীৰ আইন ব্যৱস্থা : দিল্লী পুলিছ
author img

By

Published : Mar 12, 2020, 6:58 PM IST

নিউজ ডেস্ক, 12 মাৰ্চ: ক্ৰমান্বয়ে উত্তৰ পূব দিল্লীৰ পৰিস্থিতি সামান্য সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে বুলি নাগৰিকক আশ্বাস প্ৰদান কৰে দিল্লী আৰক্ষীৰ জনসম্পৰ্কৰক্ষী বিষয়া এম এছ ৰান্ধাৱাই ৷ বৰ্তমালৈকে দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত থকা সন্দৰ্ভত 712 টা গোচৰ ৰুজু কৰাৰ বিপৰীতে 200 গৰাকীতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে দিল্লী আৰক্ষীয়ে ৷

উত্তৰ-পূব দিল্লীত পৰিস্থিতি এতিয়া সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে ৷ সকলো বিভাগ দল সতৰ্ক হৈ আছে আৰু ব্যক্তিগত ভাৱে সকলো পিচিআৰ ক'ল নিৰিক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ৷ আনহাতে বহু ভিডিঅ' ক্লিপ সংগ্ৰহ কৰা হৈছে যিবোৰ আগন্তুক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব বুলি উল্লেখ কৰে এম এছ ৰান্ধাৱাই ৷

আনহাতে কোনো নিৰ্দোষীক হাৰাশাস্তি কৰা নহয় ৷ বিভিন্ন ভিডিঅ' ক্লিপ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ লগতে অত্যাধুনিক প্ৰযুক্তিৰে দোষী সকলক চিনাক্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

ইপিনে বহু সংবাদ মাধ্যমত প্ৰকাশিত হোৱা অনুসৰি, যোৱা 26 ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত 13 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ কিন্তু যোৱা 26 ফেব্ৰুৱাৰীত তেনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি উল্লেখ কৰে ৷ আচলতে 9 টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু চাৰিগৰাকী লোকৰ চিকিৎসালয়ত মৃত্যু হৈছিল ৷

বৰ্তমান বিশেষ তদন্তকাৰী দল আৰু দিল্লী পুলিছে তদন্ত অব্যাহত ৰাখিছে ৷ বৰ্তমালৈকে সহস্ত্ৰ আইনৰ অধীনত 49 টা গোচৰ ৰুজু কৰা হৈছে লগতে 153 টা অস্ত্ৰ জব্দ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.