নেশ্যনেল ডেস্ক, 4 মে' : জুলাই, 2020 ৰ বাবে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ (AIIMS) স্নাতকোত্তৰ মহলাৰ প্ৰৱেশিকা পৰীক্ষাৰ সংশোধিত পৰীক্ষাৰ সূচী ঘোষণা কৰিছে ৷ সেই অনুসৰি, MD, MS, MDS, and M.Biotechnology ৰ প্ৰৱেশিকা পৰীক্ষা 6 জুন, 2020 ত অনুষ্ঠিত কৰা হ'ব ৷
ইয়াৰোপৰি, MD / MS / MDS / M. Biotechnology / Fellowship ৰ ব্য়ৱহাৰিক, ক্লিনিকেল, মৌখিক পৰীক্ষা 16 জুনৰ পৰা 25 জুনৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷ সংশ্লিষ্ট বিভাগে এই পৰীক্ষাৰ দিন, সময় আৰু স্থান নিৰ্ধাৰণ কৰিব বুলি জানিবলৈ দিছে AIIMS য়ে ৷
AIIMS য়ে লগতে কয় যে, ৰেজিষ্ট্ৰেছনৰ অন্তিম দিনা পৰ্যন্ত প্ৰাৰ্থীসকলে পৰীক্ষাৰ মাছুল প্ৰদান কৰিব পাৰিব আৰু ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব ৷ সংশোধিত সূচী অনুসৰি, 8 মে', 2020 ৰ পৰা ৰেজিষ্ট্ৰেছন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰা হৈছে ৷
AIIMS য়ে প্ৰদান কৰা তথ্য অনুসৰি, প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰসমূহ 20 মে', 2020 ৰ পৰা প্ৰাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব ৷