ETV Bharat / bharat

কুডচিয়া ঘাটৰ পৰা হাজাৰ-হাজাৰ গৃহহীন শ্ৰমিকক স্থানান্তৰ দিল্লী আৰক্ষীৰ - কুডচিয়া ঘাটৰ পৰা হাজাৰ-হাজাৰ গৃহহীন শ্ৰমিকক স্থানান্তৰ দিল্লী পুলিছৰ

যমুনা নদীৰ কুডচিয়া ঘাটৰ পৰা হাজাৰ হাজাৰ গৃহহীন শ্ৰমিকক আঁতৰাই পঠিয়াই দিল্লীৰ চৰকাৰী আশ্ৰয় স্থলীলৈ প্ৰেৰণ দিল্লী আৰক্ষীৰ ।

Large number of homeless workers sent to shelters in Delhi

author img

By

Published : Apr 16, 2020, 5:18 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ দিল্লীৰ যমুনা নদীৰ কুডচিয়া ঘাটৰ পৰা হাজাৰ হাজাৰ গৃহহীন শ্ৰমিকক স্থানান্তৰ দিল্লী আৰক্ষীৰ ৷এই হাজাৰ হাজাৰ লোকৰ মাজত আছে বহু গৃহহীন,দিন-হাজিৰা কৰা লোক । ফুটপাথত বাস কৰি,দৈনিক হাজিৰা কৰি কোনো মতে চলি আহিছিল এই সকল শ্ৰমিক । কিন্তু বৰ্তমান সময়ত লক ডাউনৰ ফলত নিজৰ জীৱিকা হেৰুৱাইছে লোকসকলে । যাৰ বাবে উপায়ন্তৰ হৈ কুডচিয়া ঘাটত থিতাপি লৈ আছিল। য'ত তেওঁলোক একেলগে বসবাস কৰিছিল হাজাৰ হাজাৰ লোক ।

কুডচিয়া ঘাটৰ পৰা হাজাৰ-হাজাৰ গৃহহীন শ্ৰমিকক স্থানান্তৰ দিল্লী আৰক্ষীৰ

যিটো সময়ত কৰ'ণা ভাইৰাছ বন জুইৰ দৰে সংক্ৰমণ হৈ আছে সেই সময়ত এই পৰিস্থিতি অতি ভয়ানক । সেইবাবে তাৎক্ষণিক ভাৱে তেওঁলোকক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে দিল্লী প্ৰশাসনে । দিল্লীৰ চৰকাৰী আশ্ৰয়স্থলী লৈ অনা হৈছে লোকসকলক । ইয়াতে ভাল দৰে চোৱা-চিতা কৰা হ'ব লোকসকলক । ভাৰতত কৰ'ণা ভাইৰাছ মহামাৰীয়ে এতিয়াও সংহাৰী ৰূপ ধাৰণ কৰি আছে । যাৰ বাবে লক ডাউনৰ সময় সীমা ৩ মে' লৈ বৃদ্ধি কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.