নেচনেল ডেস্ক, 18 জানুৱাৰী : 2020 চনত সংঘটিত 279 টা অস্বাভাৱিক মৃত্যুৰ কাৰণ বিচাৰি লাহোৰ আৰক্ষীয়ে এক তদন্ত প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি 279 টা অস্বাভাৱিক মৃত্যুৰ স্থগিত হৈ থকা বিচাৰ আৰক্ষীয়ে অপাৰেশ্যন শাখাৰ পৰা ইনভেষ্টিগেশ্যন শাখালৈ স্থানান্তৰিত কৰিছে ৷
জানিব পৰা মতে আৰক্ষীৰ দুয়োটা শাখাৰ ডিআইজিৰ সকলৰ পৰামৰ্শ অনুসৰি আত্মহত্যা, দুৰ্ঘটনাগত, সন্দেহজনক বা অপ্ৰাকৃতিক কাৰণত সংঘটিত মৃত্যুৰ ঘটনা সমূহৰ তদন্ত কৰিবৰ বাবে ৰাজধানী চহৰ আৰক্ষী বিষয়াই এক নিৰ্দেশনা জাৰি কৰিছে ৷
উল্লেখ্য যে 2020 বৰ্ষত লাহোৰ জিলাত এনেসমূহ কাৰণৰ ফলত 279 গৰাকী লোকৰ মৃত্যু হৈছে ৷ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই মন্তব্য কৰে যে অপ্ৰাকৃতিক মৃত্যুৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে পৰিস্থিতি তথা কাৰণ সমূহৰ বিশ্লেষণ আৰু পৰীক্ষণ যথেষ্ট প্ৰয়োজনীয় ৷
লগতে পঢ়ক:মধ্য প্ৰদেশৰ মুৰেনাৰ জালি সুৰা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ