ETV Bharat / bharat

লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াৰ - বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়া

বায়ুসেনা প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াই শুকুৰবাৰে পৰিদৰ্শন কৰে ভাৰত-চীনৰ মাজত হোৱা সীমান্তৰ সংঘৰ্ষস্থলীত থকা যুজাৰু বিমানৰ ঘাটি । সীমান্তৰ সংঘৰ্ষস্থলীত হাই এলাৰ্ট জাৰি কৰাৰ পাচতো শুকুৰবাৰে ব্যক্তিগতভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰে বায়ুসেনা প্ৰধান গৰাকীয়ে ।

বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়া
লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়াৰ
author img

By

Published : Jun 20, 2020, 3:13 PM IST

নিউজ ডেস্ক, ২০ জুনঃ ভাৰতীয় বায়ুসেনাৰ প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াই পৰিদৰ্শন কৰে লাডাখৰ সীমান্ত অঞ্চল। শুকুৰবাৰে বিয়লি ভাগত বায়ুসেনাৰ প্ৰধান গৰাকীয়ে ব্যক্তিগতভাৱে ভাৰত-চীনৰ মাজত হোৱা সীমান্তৰ সংঘৰ্ষস্থলী পৰিদৰ্শন কৰে মাৰ্চেল আৰ,কে ভদোৰিয়াই ।

বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়া
লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়াৰ

সম্প্ৰতি হাই এলাৰ্ট জাৰি কৰা সীমান্ত অঞ্চলত বিগত ১৭ জুনতো যুজাৰু বিমান সন্দৰ্ভত তথ্য ল'বলৈ উপস্থিত হৈছিল মাৰ্চেল আৰ,কে ভদোৰিয়াই । ভদোৰিয়াইন পৰিদৰ্শন কৰাৰ দুদিন পাচতে সীমান্ত অঞ্চলত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ২০ জনকৈ ভাৰতীয় সেনা জোৱান ।

আনহাতে, সেনা বাহিনীয়ে যুজাৰু বিমানসমূহ পুনৰ আগৰ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে বিমান যুজাৰুসকলক সকলো সময়তে সজাগ থাকিবলৈ নিৰ্দেশ দিয়ে । তাৰোপৰি ভাৰতীয় নৌ-সেনা বাহিনীকো হাই এলাৰ্ট হৈ থাকিবলৈ নিৰ্দেশ দিয়ে বুলি সদৰি কৰে ।

তাৰোপৰি সংঘৰ্ষৰ সময়ত ৪ গৰাকী ভাৰতীয় সেনা বিষয়াসহ ১০ গৰাকী জোৱানক চীনৰ পিপলছ লিবাৰেশ্ব্যন আৰ্মীয়ে আটক কৰে । দুই দিন ধৰি চীনা সেনাই ভাৰতীয় সেনা কেইগৰাকীক আটক কৰি ৰখাৰ দুদিন পাচত তথা বৃহস্পতিবাৰে সেনা কেইগাকীক মুকলি কৰি দিয়ে বুলিও জানিবলৈ দিয়ে ।

লগতে চাওকঃ বেইজিঙত COVID-19 প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.