ETV Bharat / bharat

কোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ - Labour Law

এতিয়া কোনোৱে এনে প্ৰশ্নও তুলিব পাৰে, কিয় আমাৰ ৰাজ্যসমূহত এইধৰণৰ সংশোধনৰ প্ৰয়োজন হৈছে ? ইয়াৰ ক্ষেত্ৰত দুটা কাৰণ উল্লেখ কৰিব পাৰি । উদ্যোগসমূহত কৰ্মসূচীৰ সময় বৃদ্ধি, অতিৰিক্ত সময়-সীমা বৃদ্ধি, পৰিদৰ্শনৰ ক্ষেত্ৰত আমোলাতান্ত্ৰিক বাধা অতিক্ৰম কৰা আৰু ট্ৰেড ইউনিয়ন সমূহক তিনিমাহৰ পৰা এবছৰলৈ ভিন্ন ম্যাদত স্বীকৃতি প্ৰদান আদি অন্তৰ্ভূক্ত কৰা হৈছে ।

কোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ
কোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ
author img

By

Published : May 19, 2020, 10:23 PM IST

মহামাৰী কোভিড-১৯ৰ ফলত দেশত হোৱা অৰ্থনৈতিক প্ৰভাৱৰ পৰা মুক্তি পোৱাৰ বাবে যোৱাটো সপ্তাহত কেইবাখনো ৰাজ্যই শ্ৰম আইনৰ বহুকেইটা দফা সংশোধন কৰাৰ বাবে দাবী জনাইছে । মধ্যপ্ৰদেশে শ্ৰম আইনখনক কিছু শিঠিল কৰাৰ ঘোষণাৰে অধিকসংখ্যক উদ্যোগৰ কামসমূহ চলাই নিয়াই লগতে জীয়াই ৰাখিবৰ বাবে লৈছে এক নেতৃত্ব । উত্তৰ প্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু কেৰেলা আদি ৰাজ্যসমূহে শীঘ্ৰেই বিভিন্ন ধৰণৰ প্ৰদক্ষেপ গ্ৰহণেৰে উদ্যোগসমূহক চলাই নিবৰ বাবে আগবঢ়া পৰিলক্ষিত হৈছে। একে ধৰনে শ্ৰম আইনৰ শিঠিলকৰণৰ কথা চিন্তা কৰিছে উৰিষ্যা, গোৱা আৰু কৰ্ণাটকেও ।

উদ্যোগসমূহত কৰ্মসূচীৰ সময় বৃদ্ধি, অতিৰিক্ত সময়-সীমা বৃদ্ধি, পৰিদৰ্শনৰ ক্ষেত্ৰত আমোলাতান্ত্ৰিক বাধা অতিক্ৰম কৰা আৰু ট্ৰেড ইউনিয়ন সমূহক তিনিমাহৰ পৰা এবছৰলৈ ভিন্ন ম্যাদত স্বীকৃতি প্ৰদান আদি অন্তৰ্ভূক্ত কৰা হৈছে । উত্তৰ প্ৰদেশ চৰকাৰে এক হাজাৰ দিনৰ বাবে তিনিখনকৈ শ্ৰম আইন বাতিল কৰি এক সাহসী পদক্ষেপ লৈ পেলালে । স্থগিত হোৱা এই তিনিখন শ্ৰমিক আইনৰ পৰা ৰেহাই পাইছে বিল্ডিং আৰু কন্সট্ৰাকশন আইন, বণ্ডেড লেবাৰ আইন আৰু পেমেণ্ট অৱ ওৱেজ আইনৰ পাচটাকৈ ধাৰাই । ইফালে কেৰালা চৰকাৰে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ উদ্যেশ্যেৰে সতৰ্কতাৰে আগবাঢ়িছে এখোজ । যদিহে বিনিয়োগকাৰীয়ে এবছৰৰ ভিতৰত আনুস্থানিকতা সম্পন্ন কৰিবলৈ সৈমান হয় তেনেহলে এসপ্তাহৰ ভিতৰত নতুন উদ্যোগৰ পঞ্জীয়ন প্ৰদান কৰিব কেৰালা চৰকাৰে । অৱশ্যে ইয়াত নাথাকিব শ্ৰম আইনৰ কোনো পৰিবৰ্তন ।

এতিয়া কোনোৱে এনে প্ৰশ্নও তুলিব পাৰে, কিয় আমাৰ ৰাজ্যসমূহত এইধৰণৰ সংশোধনৰ প্ৰয়োজন হৈছে ? ইয়াৰ ক্ষেত্ৰত দুটা কাৰণ উল্লেখ কৰিব পাৰি । মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে উদ্যোগিক ৰাজ্যত বৰ্তমান আহি পৰিছে শূন্যতা, যিহেতু শ্ৰমিকৰ বিশাল আন্তৰাজ্যিক প্ৰবজন । বন্ধ হৈ পৰা উদ্যোগ সমূহক পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ঘোষিত বিভিন্ন আৰ্থিক পেকেজবোৰ অৰ্থহীন হব যদিহে কাৰ্যবল অৰ্থাৎ উদ্যোগসমূহত পৰ্যাপ্ত শ্ৰমিকেই নাথাকে । পূৰ্বৰ শ্ৰমিকসকলৰ প্ৰবজনৰ ফলত পুনৰ আগমন সম্ভৱ নহলে থাকি যোৱা শ্ৰমিকৰ দ্বাৰাই পুনৰ কাৰ্যক্ষম কৰিব লাগিব এইসমূহ উদ্যোগ । কামৰ সময় বৃদ্ধিৰে উৎপাদন বৃদ্ধি কৰিব পৰা যাব, কিন্তু একে সময়তে শ্ৰমিকসকলক পুনৰ উভতাই আনিবৰ বাবেও আত্মবিশ্বাস সৃষ্টি কৰিব পাৰিব লাগিব । দ্বিতীয়তে, চীনৰ পৰা বহু উদ্যোগ স্থানান্তৰ কৰাৰ পৰিকল্পনাৰ কথা ওলাইছে । এই স্ব নিয়োগকাৰী পক্ষৰ পদক্ষেপক আদৰনি জনাই এই উৎপাদনকাৰী সকলক আমাৰ দেশলৈ আগমনৰ বাবে উৎসাহিত কৰিব পৰা যাব । ইতিমধ্যে মাৰ্কিন প্ৰতিস্থান এপ'লে চীনৰ পৰা ২৫ শতাংশ অপাৰেশ্যন ভাৰতলৈ স্থানান্তৰিত কৰাৰ কথা ঘোষণা কৰিছে । জানিব পৰা মতে চীনত থকা প্ৰায় ১০০০ মাৰ্কিন সংস্থাই তেওলোকৰ ব্যৱসায় আমাৰ দেশলৈ স্থানান্তৰিত কৰিবৰ বাবে ভাৰত চৰকাৰৰ লগত আলোচনাত মিলিত হৈছে । ভাৰত চৰকাৰেও অট'মবাইল, ইলেক্ট্ৰনিক্স, হাৰ্ডৱেৰ, ঔষধ, বিভিন্ন খাদ্য প্ৰস্তুতকৰ্তা আদি বিভিন্ন প্ৰতিস্থানক আমাৰ দেশলৈ আনিবৰ বাবে আকৰ্ষিত কৰা দেখা গৈছে । এই লক্ষৰে ভাৰত চৰকাৰেও বিদেশী প্ৰতিস্থানসমূহৰ বাবে ৪,৬১,৫৮৯ হেক্টৰ (৪৬১ বৰ্গ কিল'মিটাৰ) ভূমি উলিয়াই ৰাখিছে । ইয়াৰ ফলত ঘৰমুৱা হোৱা শ্ৰমিকসকলেও উপকৃত হব । ইতিমধ্যে গুজৰাট, কৰ্ণাটক, ইউ পি, মহাৰাষ্ট্ৰ আৰু কেৰালাই এই সুযোগ গ্ৰহনৰ বাবে হৈছে প্ৰস্তুত । জাপানে ইতিমধ্যে গুজৰাটত অধিক পৰিমানত বিনিয়োগ আৰম্ভ কৰিছে। ইফালে কোৰিয়াও বিনিয়োগৰ বাবে ভাৰতত ভাল বিকল্পৰ সন্ধান আৰম্ভ কৰিছে ।

শ্ৰম সংবিধানৰ সমকালীন তালিকাৰ বিষয় হোৱাৰ বাবে, ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰা যিকোনো আইন গুৰুত্বহীন হব পাৰে যদিহে কেন্দ্ৰই তৈয়াৰ কৰা আইন ৰাজ্য সমূহে উলংঘা কৰে । সেয়ে বহুকেইখন ৰাজ্যই অধ্যাদেশৰ জৰিয়তেহে এই সংশোধনসমূহ কাৰ্যকৰী কৰা পৰিলক্ষিত হৈছে । তদুপৰি ধাৰনা হৈছে, উত্তৰ ভাৰতৰ দুগৰাকীকৈ বিজেপি নেতা অৰ্থাৎ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু শিবৰাজ চৌহানে অধ্যাদেশৰ পৰা হব পৰা যিকোনো অসুবিধাৰ পূৰ্বেই দেশৰ প্ৰধানমন্ত্ৰীক আস্থাত লৈ আগ বঢ়া দেখা গৈছে । যিহেতু বৰ্তমান সংসদ অথবা বিধানসভাৰ কোনো অধিবেশন নাই, তেনেক্ষেত্ৰত এই সংশোধন সমূহ কোনো ধৰনৰ বাধা নোহোৱাকৈ এক নিৰ্দিষ্ট সময়লৈ চৰকাৰে আগবঢ়াই নিব পাৰিব ।

কিন্তু এতিয়াও আছে বাধা । আচৰিত হ'ব লগা কথা এয়ে যে চৰকাৰৰ এই পদক্ষেপত বিৰোধ কৰা প্ৰথম কৰ্মী সংগঠনটোৱেই হ'ল ভাৰতীয় জনতা দলৰ লগত যুক্ত ভাৰতীয় মজদূৰ সংঘ । অৱশ্যে আৰু বহুকেইটা ট্ৰেড ইউনিয়নেও ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে । এই পদক্ষেপক শ্ৰমিক বিৰোধী আৰু গনতন্ত্ৰৰ চেতনা বিৰোধী আখ্যা দিলে এইসকলে । বহুকেইখন ৰাজ্যই থ্ৰেড হ'ল্ড উত্থাপন কৰি কৈছে, এটা ইউনিয়নে স্বীকৃতি পালে ই নিশ্চয়কৈয়ে শ্ৰমিক সন্থাৰ স্বাৰ্থক ক্ষতি কৰিব । যোৱাটো বৰ্ষত সংসদত গৃহীত হোৱা পৰিশ্ৰমিকৰ আইনখনো উলংঘা হোৱাত প্ৰত্যাহ্বান হিচাবে লৈ আদালতৰ দ্বাৰস্থ হব পাৰে । যদিও বিৰোধী দলৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ সমূহে বিভিন্ন পক্ৰিয়াৰে সংশোধনৰ অনুভৱ কৰে, তথাপি এই পদক্ষেপৰ বিৰোধিতা নকৰিবও পাৰে । হাৰিয়ানাই কেন্দ্ৰৰ এই পদক্ষেপ আৰম্ভ কৰিবৰ বাবে তিনি মাহৰ প্ৰস্তাৱ গ্ৰহন কৰিছে, ইফালে উত্তৰ প্ৰদেশে ১০০০ দিনৰ বাবে আইনখন নিলম্বন কৰিছে । যদিও তিনিমাহ উদ্যোগৰ পুনৰ উদ্ধাৰ বাবে সময় বহু কম হয়, সেয়ে তিনিবছৰ বা তাতোধিক সময় হ'লে সেয়া গ্ৰহণযোগ্য হ'ল হেঁতেন ।

চৰকাৰে শ্ৰমিকসকলক পৰিকল্পনাবোৰ স্পষ্ট কৰি দিয়াৰ বাবে এয়া এক সঠিক সময় । লগতে শ্ৰমিকৰ হিতৰ ক্ষেত্ৰত যে কোনো বাধা নাথাকিব, চৰকাৰে সেয়াও স্পষ্ট কৰাতো নিত্যান্তই আৱশ্যক ।

লেখকঃ জে কে ত্ৰিপাঠী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.