নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : বৰ্তমান বিশ্ব ক্ৰমবৰ্ধমান হোৱাৰ লগতে পৰিৱৰ্তন হৈছে, ইয়াৰ লগতে জলবায়ুও পৰিৱৰ্তন হৈছে ৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বিষয় ৷ গোলকীয় উত্তাপৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে একক ব্যৱহৃত প্লাষ্টিক ৷ একক ব্যৱহৃত প্লাষ্টিক আমাৰ বাবে অভিশাপ স্বৰূপ ৷ ভাৰত চৰকাৰ আৰু ৰাজ্যৰ চৰকাৰসমূহে একক ব্যৱহৃত প্লাষ্টিক নিষিদ্ধ কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত কিছু পৃথক পৰিলক্ষিত হৈছে ৷
একক ব্যৱহৃত প্লাষ্টিকে প্ৰায় আৱৰি ধৰিছে কলকাতা চহৰ ৷ কিন্তু তাৰ মাজতো বাংগুৰ এভিনিউৰ দৰে কিছু ব্যতিক্ৰম দেখা গৈছে ৷ বাংগুৰ এভিনিউৰ বাসিন্দাসকলে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে কাগজেৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰিছে ৷ পথৰ কাষৰ দোকানসমূহৰ ব্যৱসায়ীসকলেও প্লাষ্টিকৰ মোনা ব্যৱহাৰ নকৰে ৷ সাধাৰণ লোকসকল চৰকাৰী নিষেধাজ্ঞা সম্পৰ্কত যথেষ্ট সজাগ আৰু তেওঁলোকে প্ৰকৃততে ইয়াক অনুসৰণ কৰিছে ৷
কলকাতাৰ চুপাৰ মাৰ্কেটসমূহ হৈছে একক ব্যৱহৃত প্লাষ্টিকৰ অভিকেন্দ্ৰ স্বৰূপ ৷ কিন্তু আপুনি যদি বাংগুৰ চুপাৰ মাৰ্কেটত প্ৰৱেশ কৰে তাত একক ব্যৱহৃত প্লাষ্টিক বিচাৰি নাপায় ৷ পথৰ কাষৰ দোকান, মিঠাই দোকানকে আদি কৰি সকলোৱে কাগজেৰে তৈয়াৰী মোনা ব্যৱহাৰ কৰে ৷
কিছু বছৰ পূৰ্বে বাংগুৰ এভিনিউ অঞ্চলো বৰষুণৰ সময়ত পানীৰে উপচি পৰিছিল ৷ কিন্তু বৰ্তমান প্লাষ্টিক মুক্ত হোৱাৰ ফলত সেই অঞ্চলত কৃত্ৰিমবানৰ দৰে সমস্যা নোহোৱা হৈছে ৷ বাংগুৰৰ প্ৰাক্তন কাউঞ্চিলাৰ মৃগাংক ভট্টাচাৰ্যই প্লাষ্টিক দূৰীকৰণৰ পদক্ষেপ হাতত লৈছিল ৷ তেওঁ কয় যে, যেতিয়া তেওঁ ক্ষমতাত আছিল বিভাগীয় লোকসলৰ পৰা কোনো সঁহাৰি পোৱা নাছিল, কিন্তু স্থানীয় লোকসকলক সজাগ কৰাৰ বাবে অকলেই তেওঁ প্ৰচাৰ চলাইছিল ৷ তেওঁ মানুহৰ ঘৰে ঘৰে গৈ প্লাষ্টিকৰ পৰা হ'ব পৰা ক্ষতি সম্বন্ধে বুজাইছিল দোকানসমূহতো তেওঁ অনুৰোধ জনাইছিল প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ ৷
লগতে পঢ়কঃ আব্দুলৰ পৰা বিডিঅ' ছাৰলৈ কোনে কিমান খায় ?
প্ৰথমাৱস্থাত মানুহে তেওঁৰ অনুৰোধৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাছিল ৷ কিন্তু তেওঁ ৰৈ যোৱা নাছিল ৷ প্লাষ্টিক নিৰ্মূলৰ বাবে তেওঁ গ্ৰহণ কৰিছিল আন এক পন্থা ৷ তেওঁ এটা বাৰ্তা প্ৰচাৰ কৰিলে যে, যিসকল বিক্ৰেতাই প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিব, তেওঁলোকে জৰিমনা ভৰিব লাগিব ৷ মৃগাংগই কয় যে, চৰকাৰে প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিব লাগে অন্যথা মানুহৰ এই প্ৰৱণতা সলনি নহয় ৷