নিউজ ডেস্ক, 10 জুলাইঃ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ বিমানৰ লেণ্ডিং গিয়েৰত লাগি ধৰাৰ ফলত মৃত্যু হয় এগৰাকী বিমানকৰ্মীৰ ৷
মঙলবাৰে নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ ব্যক্তিগত বিমান পৰিবহণকাৰী সংস্থা স্পাইচজেটৰ এগৰাকী টেকনিচিয়ানে সংস্থাটোৰ বয়িং 737 বিমানৰ লেণ্ডিং গিয়েৰ পৰীক্ষণ কৰি থকাৰ সময়ত অকস্মাত দৰ্জা বন্ধ হৈ যোৱাৰ ফলত লেণ্ডিং গিয়েৰত লাগি ধৰে ৷ ফলত ঘটনাস্থলীতে নিহত হয় ৰোহিত পাণ্ডে নামৰ প্ৰযুক্তিবিদগৰাকীৰ ৷ পৰৱৰ্তী সময়ত বিমানবন্দৰত উপস্থিত থকা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ৰোহিতৰ মৃতদেহটো উলিওৱা হয় ৷ অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই স্পাইছজেটে ৷ ইতিমধ্যে নিহত ৰোহিতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত বিমানবন্দৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে ৷