ETV Bharat / bharat

পেট্ৰ'ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ অন্তৰালত কি ? - ৰাজধানী দিল্লী

ধাৰাবাহিকভাৱে ১৯ দিনৰ বাবে দেশত বৃদ্ধি হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ'লৰ আৰু ডিজেলত উৎপাদন শুল্ক বৃদ্ধি কৰা আৰু তেল বিপনন কোম্পানীয়ে মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ থেলি দিয়াৰ বাবেই দেশত আকাশলংঘী হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য় ।

ইন্ধনৰ মূল্য
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়বৃদ্ধি
author img

By

Published : Jun 25, 2020, 9:50 PM IST

নিউজ ডেস্ক, ২৫ জুন : চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিৰ পৰাই দেশত ১৯ দিনৰ বাবে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়। ৭ জুনৰ পৰা প্ৰতিদিনে পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈ মুঠ ৮.৬৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য মুঠ ১০.৭৩ টকা বৃদ্ধি হৈছে ।

বুধবাৰে ৰাজধানী দিল্লীত প্ৰথমবাৰৰ বাবে পেট্ৰ'লৰ তুলনাত ডিজেলৰ মূল্য অধিক হৈছে। এই মূল্য বৃদ্ধি হৈ প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮০ টকালৈ বৃদ্ধি হৈছে । পেট্ৰ'লৰ তুলনাত ডিজেলৰ মূল্য বৃদ্ধি হোৱা ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰে বিগত মাহত বৃদ্ধি কৰিছিল ইন্ধনৰ স্থানীয় বিক্ৰী কৰ তথা ভেট । কিন্তু দেশৰ আন চহৰসমূহত পেট্ৰ'লৰ তুলনাত ডিজেলৰ মূল্য কম।

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়বৃদ্ধি
কিয় ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য়?

খাৰুৱা তেলৰ মূল্য (Crude oil prices): ভাৰতে নিজৰ খাৰুৱা তেল প্ৰয়োজনৰ ৮০ শতাংশৰ অধিক আমদানি কৰে আৰু বিশ্বব্যাপী পৰিশোধিত তেলৰ মূল্যৰ উঠা-নমা হ'লে ভাৰততো এই মূল্যৰ প্ৰভাৱ পৰে। কোভিড-১৯ সংকটৰ বাবে এপ্ৰিল মাহত খাৰুৱা তেলৰ চাহিদা কম হোৱাৰ বাবে ব্যাপক হাৰত হ্ৰাস পাইছিল ইয়াৰ মূল্য। কিন্তু সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য পুনৰ উৰ্ধগামী হোৱা দেখা গৈছে ।

কৰ বৃদ্ধি (Increase in tax): বিগত দুটা মাহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ'লৰ আৰু ডিজেলৰ কৰ বৃদ্ধি কৰিছিল । চৰকাৰে ১৪ মাৰ্চত প্ৰতি লিটাৰ পেট্ৰ'লৰ আৰু ডিজেলত ৩ টকাকৈ উৎপাদন শুল্ক বৃদ্ধি কৰিছিল । তাৰ পাছত ৫ মে'ত পুনৰ প্ৰতি লিটাৰ পেট্ৰ'লত ১০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৩ টকাকৈ বৃদ্ধি কৰিছিল চৰকাৰে ।

পেট্ৰ'ল আৰু ডিজেল

ৰাজ্য চৰকাৰৰ দ্বাৰা মূল্য বৰ্ধিত কৰ অথবা ভেট বৃদ্ধিৰ কাৰণে ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি হয়। উদাহৰণস্বৰূপে, দিল্লীৰ ৰাজ্য চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ২৭ শতাংশৰ পৰা ৩০ শতাংশলৈ ভেট বৃদ্ধি কৰিছে। একেদৰে, ডিজেলতো ১৬.৭৫ শতাংশৰ পৰা ৩০ শতাংশ কৰ বৃদ্ধি কৰা হৈছে ।

তেল বিপনন কোম্পানীয়ে মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকলৈ ঠেলি দিছে (Oil marketing companies passing hike to consumers): মাৰ্চ মাহত উৎপাদন শুল্কৰ বৃদ্ধিৰ পাছতো তেল বিপণন কোম্পানীয়ে গ্ৰাহকৰ বাবে মূল্য বৃদ্ধি কৰা নাছিল । কিন্তু, মে' মাহত ২য় বাৰৰ বাবে উৎপাদন শুল্ক বৃদ্ধি কৰাৰ পাচত জুন মাহত ধাৰাবাহিকভাৱে তেল বিপনন কোম্পানীয়ে ইন্ধনৰ মূল্যবৃদ্ধিৰ বোজা গ্ৰাহকলৈ ঠেলি দিছে ।

লগতে : লকডাউনত পাকিস্তানত আবদ্ধ ২৫০ গৰাকী ভাৰতীয় ঘৰ অভিমুখে ৰাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.