ETV Bharat / bharat

লকডাউনৰ সময়ত বাহাল থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ আৰু সেৱা - কৰ'ণা ভাইৰাছ

ৰেছন, গাখীৰ, পাছলি, ফল-মূল ইত্যাদিকে ধৰি বেংক সেৱা, বীমা, এটিএম সুবিধা আৰু সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহক ৰেহাই ৷

লকডাউনৰ সময়ত বাহাল থাকিব
অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱা
author img

By

Published : Mar 25, 2020, 7:36 PM IST

নেশ্যনেল ডেস্ক, 25 মাৰ্চ : মঙলবাৰৰ মাজনিশাৰ পৰা দেশত চলিছে 21 দিনীয়া লকডাউন ৷ স্বাভাৱিকতেই বিশ্বজুৰি চলা কৰ'ণা সন্ত্ৰাসে দেশসমূহক বাধ্য কৰিছে আপাতকালিন পৰিস্থিতিৰ দৰে এটা অৱস্থা বলবৎ কৰিবলৈ ৷ জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ এই সময়ছোৱাত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো হৈছে প্ৰথম দায়িত্ব ৷ একেদৰে চৰকাৰে জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ব্যৱস্থাও ৰাখিছে ৷ এই বন্ধৰ সময়ছোৱাত ৰেছন, গাখীৰ, পাছলি, ফল-মূল ইত্যাদিকে ধৰি বেংক সেৱা, বীমা, এটিএম সুবিধা আৰু সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহক ৰেহাই দিয়া হৈছে ৷ একেদৰে বাহাল থাকিব আপাতকালিন সেৱা ব্যৱস্থাসমূহকে ধৰি আৰক্ষী, সেনা বাহিনীৰ সেৱাসমূহো ৷

21 দিনীয়া লকডাউন
বাহাল থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ আৰু সেৱা

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুযায়ী চিকিৎসালয় আৰু ইয়াৰ সেৱা সমূহৰ সৈতে জড়িত উৎপাদন প্ৰতিষ্ঠান তথা বিতৰণ ব্যৱস্থা আদি সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৷ বন্ধৰ সময়ছোৱাত বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ লগতে যাতায়ত ব্যৱস্থাসমূহো বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷ অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত প্ৰয়োজনীয় যাতায়ত ব্যৱস্থা অব্যাহত থাকিব ৷

আৰু পঢ়ক : তামিলনাডুত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 23 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.