ETV Bharat / bharat

পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি অহা এটা সম্প্ৰদায়...

author img

By

Published : Apr 24, 2020, 8:05 PM IST

চান্থালি নামৰ সম্প্ৰদায় এটাই অতীজৰে পৰা পৰম্পৰাগতভাবে ৰক্ষা কৰি আহিছে সামাজিক ব্যৱধান । ঝাৰখণ্ডত পোৱা যায় এই সম্প্ৰদায়টো । তেওঁলোকৰ এই সামাজিক দুৰত্বৰ অনুশীলনটোৰ নাম "দুবু জোহাৰ"।

পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি অহা এটা সম্প্ৰদায়...
পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি অহা এটা সম্প্ৰদায়...

নিউজ ডেস্ক, 24 এপ্ৰিলঃ প্ৰায় এমাহৰ পৰা আমাৰ সকলোৰে পৰিচিত শব্দ এটা হৈছে সামাজিক দুৰত্ব । কেৱল পৰিচিত শব্দই নহয়,বৰ্তমান সময়ৰ জীৱন ৰক্ষাৰ অংগ হৈ পৰিছে এই শব্দটো । কাৰণ,কৰ'ণা ভাইৰাছ ৰোধৰ অন্যতম উপায় হিচাপে মানি চলিব লাগে সামাজিক দুৰত্ব । সেয়ে আমি সকলোৱে মানি চলো সামাজিক দুৰত্ব । কিন্তু বহু বছৰ পূৰ্বৰে পৰা এটা সম্প্ৰদায়ে পৰম্পৰাগতভাৱে ভাৱে মানি আহিছে এই নিয়ম ।

ঝাৰখণ্ডত বাস কৰা চান্থালি নামৰ সম্পদায়টোৰ পৰম্পৰা হৈছে সামাজিক দুৰত্ব ৰক্ষা । তেওঁলোকৰ এই অনুশীলনৰ নাম "দুবু জোহাৰ"

যেতিয়া এই সম্প্ৰদায়টোৰ ঘৰলৈ আলহী আহে,তেতিয়া ঘৰৰ মহিলাসকলে আদৰণি জনায় আৰু বাহিৰত আসনৰ ব্যৱস্থা কৰে । তাৰ পাচতেই এটা পাত্ৰত পানী দিয়ে আৰু হাত ভৰি ধুই ল'বলৈ দিয়ে । যেতিয়ালৈ হাত-ভৰি ধোৱা কাৰ্য সম্পন্ন নহয়,তেতিয়ালৈ অতিথি আৰু পৰিয়ালৰ লোকৰ মজত দৈহিক স্পৰ্শ নহয়। ভৰি হাত ধোৱাৰ পাচতহে আলহীক ঘৰত প্ৰৱেশ কৰিব দিয়া হয় ।

নৰেন হাচান্দা নামৰ এজন শিক্ষাবিদে কয় যে,তেওঁলোক জনজাতীয় সম্প্ৰদায় । তেওঁলোক বনাঞ্চলত বাস কৰে,য'ত বহু কিল'মিটাৰ দূৰ খোজকাঢ়ি যাব লাগে । সেয়ে তেওঁলোকে কোনো লোক ঘৰলৈ গ'লে ঘৰত সোমোৱাৰ পূৰ্বে ভৰি হাত ধুবই লাগে আৰু নোধোৱালৈ কোনেও স্পৰ্শ নকৰে ।

লগতে পঢ়কঃ বিমান সেৱাত জড়িত ২৯ লাখ চাকৰিয়াললৈ ভাবুকিঃ IATA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.