ETV Bharat / bharat

মামল্লাপুৰম সন্মিলন: এই কেইটা দিশত আলোচনা হোৱাৰ সম্ভাৱনা চাওক

author img

By

Published : Oct 11, 2019, 3:24 PM IST

আজি ভাৰত ভ্ৰমণলৈ আহিছে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং ৷ ভাৰতৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে ভাৰতত উপস্থিত চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷ তামলিনাডুৰ মামল্লাপুৰমত মোডীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং ৷ দুয়োখন শক্তিশালী দেশৰ এই বৈঠকৰ ওপৰত বিশ্ববাসীৰ তীক্ষ্ণ দৃষ্টি নিৱদ্ধ হৈ থাকিব ৷

Key takeaways of Xi's visit to India

নিউজ ডেস্ক, 11 অক্টোবৰঃ ভাৰতত উপস্থিত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং ৷ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং ৷ ভাৰতৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে ভাৰতত উপস্থিত হৈছে চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷

এই দ্বিপাক্ষিক বৈঠকত দুয়োখন দেশৰ মাজত এই কেইটা বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে-

বেল্ট আৰু ৰোড ইনিচিয়েটিভঃ 2017 চনত চীনে তিনিখন মহাদেশ এছিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ সৈতে বাণিজ্যক সম্পৰ্কত সহায়ক হোৱা উদ্দেশ্যে বেল্ট আৰু ৰোড ইনিচিয়েটিভ (BRI) ৰ এক বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে ৷ এই প্ৰকল্পৰ অবিচ্ছেদ্য অংগ হৈছে পাক অধিকৃত কাশ্মীৰৰ মাজৰে যোৱা চীন-পাকিস্তানৰ অৰ্থনৈতিক কৰিড’ৰ ৷ যিটো ভাৰত চৰকাৰে দেশৰ সাৰ্বভৌমত্ব আৰু দেশৰ অখণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি তীব্ৰ বিৰোধিতা কৰি আহিছে ৷

পাৰমাণৱিক শ্বেয়াৰিং গ্ৰুপঃ 48 খন দেশৰ পাৰমাণৱিক শ্বেয়াৰিং গ্ৰুপত ভাৰতৰ অন্তৰ্ভুক্ত কৰাক লৈ দীৰ্ঘদিনৰ পৰা চীনে বিৰোধিতা কৰি আহিছে ৷ কাৰণ ভাৰতে অস্ত্ৰ-শস্ত্ৰৰ প্ৰসাৰণ ৰোধ চুক্তি স্বাক্ষৰ কৰা নাই ৷ অৱশ্যে আমেৰিকা, ৰুছ সহ অন্য P5 খন সদস্যই ভাৰতক অন্তৰ্ভুক্ত কৰাৰ সমৰ্থন কৰিছে ৷ এই বৈঠকৰ এই বিষয়ে আলোচনা হোৱা সম্ভাৱনা আছে ৷ ইয়াৰ পাচতে বেইজিঙে ভাৰতক সমৰ্থন দিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

কাশ্মীৰ সন্দৰ্ভতঃ জম্মু-কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাচতেই 74 তম ৰাষ্ট্ৰীয় সংঘৰ সন্মিলনত পাকিস্তানে ভাৰতক আক্ৰমণ কৰাৰ লগতে চীনেও এই সন্দৰ্ভত নিজৰ স্থিতি ব্যক্ত কৰিছিল ৷ চীনে কৈছিল ভাৰত-পাকিস্তানৰ মাজত চলি অহা এই বিবাদ নিষ্পত্তিৰ বাবে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ প্ৰয়োজন ৷

সীমা বিবাদঃ দুয়োখন দেশৰ মাজত সময়ে-সময়ে অৰুণাচল প্ৰদেশ, লাডাখ আদি ক্ষেত্ৰীয় অঞ্চলক লৈ চলি আহিছে সীমান্ত বিবাদ ৷ এই সীমা বিবাদে দুয়োখন উন্নয়নশীল দেশৰ দ্বিপাক্ষিক সম্বন্ধৰ বিকাশত বাধা প্ৰদান কৰিব নালাগে বুলি উল্লেখ কৰে চীনৰ এম্বাচাদৰ চান ৱেইডঙে ৷ ইতিমধ্যে চীনে দুয়োখন দেশৰ শান্তি শৃংখলাৰ বাবে আগবাঢ়ি আহিছে ৷

ETV ENGLISH
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.