ETV Bharat / bharat

প্ৰায় দহ মাহৰ পিচত বিদ্যালয়ৰ চৌহদ দেখিলে কেৰালাৰ শিক্ষাৰ্থীয়ে - কভিড-19ৰ নিয়মাৱলী

আজিৰে পৰা পুনৰ স্কুললৈ যোৱাৰ আৰম্ভ কৰিছে দেশৰ শিক্ষাৰ্থী সকল ৷ ইয়াৰ সমান্তৰালভাৱে কেৰালাটো কভিড-19ৰ নিয়মাৱলী পালন কৰি আংশিকভাৱে পুনৰ আৰম্ভ হৈছে স্কুল সমূহৰ শিক্ষা দান প্ৰক্ৰিয়া ৷

Kerala schools partially open
প্ৰায় দহ মাহৰ পিচত বিদ্যালয়ৰ চৌহদ দেখিলে কেৰালাৰ শিক্ষাৰ্থীয়ে
author img

By

Published : Jan 1, 2021, 5:22 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰী : প্ৰায় দহ মাহৰ পিচত বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছে দেশৰ শিক্ষাৰ্থী সকল ৷ ক'ৰণা আতংকৰ বাবে যোৱা 10 মাহে বন্ধ হৈ থকা কেৰালা স্কুল সমূহ শুকুৰবাৰৰ পৰা COVID-19 ৰ নিয়মাৱলী পালন কৰি আংশিকভাৱে পুনৰ আৰম্ভ হৈছে ৷ সমগ্ৰ দেশৰ লগতে কেৰালাৰ দশম আৰু দ্বাদশ শ্ৰেণী শিক্ষাৰ্থী সকলেও নতুন বৰ্ষৰ প্ৰথম দিনটোতে স্কুললৈ যায় ৷

উল্লেখ্য যে, কেৰালা প্ৰশাসনে বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কিছুমান ক'ৰণা সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰিছে ৷ বিদ্যালয়ত প্ৰৱেশ কৰা সময়ত প্ৰত্যেক জন শিক্ষক আৰু শিক্ষাৰ্থীয়ে সামাজিক দূৰত্ব পালন আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ এই কথা প্ৰকাশ কৰিছে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শ্বালজাই ৷

তেওঁ কয়, কেৰালা বিদ্যালয়ৰ সকলো শিক্ষাৰ্থী, শিক্ষক আৰু অন্যান্য বিদ্যালয়ৰ কৰ্মচাৰীসকলক প্ৰৱেশস্থানত তাপমাত্ৰাৰ পৰীক্ষা কৰা হ'ব ৷ শ্ৰেণীকোঠাত শিক্ষক শিক্ষৰ্থীয়ে শাৰীৰিক দূৰত্ব কঠোৰভাৱে বজাই ৰাখিব লাগিব ৷ তদুপৰি শিক্ষাৰ্থীসকলৰ বাবে এখন বেঞ্চত এজন ছাত্ৰ বহাৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিবলৈ দিছে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.