ETV Bharat / bharat

আৰক্ষীৰ তৎপৰতাত মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন

শনিবাৰে ৰাজধানী থিৰুৱনন্তপুৰমৰ এগৰাকী মহিলাক সম্পূৰ্ণ চৰকাৰী খৰচত হেলিকপ্তাৰেৰে কোচিলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে কেৰালা আৰক্ষীয়ে ৷ লীনা চিম্বু নামৰ 49 বৰ্ষীয় মহিলাগৰাকীৰ শৰীৰত হৃদযন্ত্ৰ সংস্থাপিত কৰা হৈছে ৷

মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন
মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন
author img

By

Published : May 10, 2020, 9:56 PM IST

থিৰুৱনন্তপুৰম,10 মে’ঃ কেৰালা আৰক্ষীয়ে শনিবাৰে ৰাজধানী থিৰুৱনন্তপুৰমৰ এগৰাকী মহিলাক সম্পূৰ্ণ চৰকাৰী খৰচত হেলিকপ্তাৰেৰে কোচিলৈ চিকিৎসা সংক্ৰান্তীয় বিষয়ৰ বাবে প্ৰেৰণ কৰে ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত মহিলাগৰাকীৰ শাৰিৰীক অৱস্থা একপ্ৰকাৰৰ ব্ৰেইন ডেড পৰ্যায়ত আছিল ৷ এক চৰকাৰী চাটাৰ্ড হেলিকপ্তাৰ সুবিধাৰ বাবে এম্বুলেঞ্চলৈ পৰিণত কৰি মহিলাগৰাকীক অনা হয় কোচিলৈ ৷ লীনা চিম্বু নামৰ 49 বৰ্ষীয় মহিলাগৰাকীৰ শৰীৰত হৃদযন্ত্ৰ সংস্থাপিত কৰা হৈছে ৷ ইতিমধ্যে মহিলাগৰাকী কোচিৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ থিৰুৱনন্তপুৰম আৰু এৰ্নাকুলাম জিলা প্ৰশাসনে শুকুৰবাৰে লালী গোপকুমাৰৰ মৃত্যুৰ পিছত ততালিকে এই ব্যৱস্থা গ্ৰহণ কৰে ৷

মহিলাৰ দেহত হৃদযন্ত্ৰ সংস্থাপন

উল্লেখ্য যে, লিসী চিকিৎসালয়ৰ এটা দলে পুৱাৰ ভাগত থিৰুৱনন্তপুৰমলৈ আহে আৰু বিমানবন্দৰৰ পৰা প্ৰায় 2.45 বজাত হৃদযন্ত্ৰটো কোচিলৈ নি সংস্থাপিত কৰে মহিলাগৰাকীৰ দেহত ৷ উক্ত হেলিকপ্তাৰখন চৰকাৰে প্ৰতিমাহত 1.44 কোটি ব্যয় সাপেক্ষে আৰক্ষীৰ সুবিধাৰ্থে ভাড়াত লৈছিল ৷ কিন্তু এই বিষয়টোৱে সম্প্ৰতি বিৰোধীৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ আকৌ হ'ব নেকি লক্ ডাউন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.