ETV Bharat / bharat

কেৰালা স্থানীয় নিকায় নিৰ্বাচনঃ ৫ খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Dec 8, 2020, 2:03 PM IST

কেৰালাত আজি অনুষ্ঠিত হৈছে স্থানীয় নিকায় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ৫ খন জিলাৰ ৩৯৫ খন স্থানীয় নিকায়ৰ ৬,৯১০ টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈ অব্যাহত থাকিব ।

৫ খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
কেৰালা স্থানীয় নিকায় নিৰ্বাচন

নেশ্যনেল ডেস্ক, ৮ ডিচেম্বৰ: আজি কেৰালাৰ ৫ খন জিলাত স্থানীয় নিকায় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । তিৰুৱনন্থপুৰম, ক'ল্লাম, পাথানমথিট্টা, আলাপ্পুঝা, ইদ্দুকী জিলাত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৩৯৫ খন স্থানীয় নিকায়ৰ ৬,৯১০ টা ৱাৰ্ডত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্য মতে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৮৮,২৬,৮৭৩ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

ইয়াৰ ভিতৰত আছে ৪১, ৫৮,৩৯৫ গৰাকী পুৰুষ, ৪৬,৬৮,২৬৭ গৰাকী মহিলা আৰু ৬১ গৰাকী তৃতীয় লিংগৰ ব্যক্তি । মুঠ ভোটাৰৰ ভিতৰত ১৫০ জন এন আৰ আই, ৪২,৫৩০ গৰাকী প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰ আছে । জিলাকেইখনত ১১,২২৫ টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । আনহাতে, সমস্যা থকা ৩২০ টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে । মুঠ ৫৬,১২২ গৰাকী কৰ্মচাৰীক নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ বাবে নিয়োগ কৰা হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে ।

কৰ'ণা মহামাৰীৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সকলো নীতি-নিয়ম মানি চলিহে অনুষ্ঠিত কৰা হৈছে স্থানীয় নিকায় নিৰ্বাচন । ভোটকেন্দ্ৰসমূহত চেনিটাইজেছনৰ ব্যৱস্থা কৰা হৈছে । লগতে সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে । এবাৰত ভোটকেন্দ্ৰৰ ভিতৰত কেৱল তিনিগৰাকী ভোটাৰ প্ৰৱেশ কৰাৰহে অনুমতি দিয়া হৈছে । পোষ্টেল বেলটৰ উপৰিও নিয়মিত ভোটাৰে ভোটদান কৰাৰ পিছতহে কৰ'ণা আক্ৰান্ত ৰোগীক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিয়া হ'ব ।

পুলিং বিষয়া আৰু এজেণ্টসকলক নিৰ্দেশ দিয়া হৈছে যে, বিশেষ ভোটাৰ হিচাপে পিপিই কিট পৰিধান কৰি ৬ বজাৰ পূৰ্বে কৰ'ণা আক্ৰান্ত ৰোগীসকল ভোটকেন্দ্ৰত উপস্থিত হ'ব লাগিব । গ্ল'ভছ পিন্ধিহে ভোটিং মেচিন ব্যৱহাৰ কৰিব পাৰিব এইসকল ভোটাৰে । এটা বিশেষ কলমেৰে হস্তাক্ষৰ কৰাৰো ব্যৱস্থা কৰা হৈছে । চৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকাসকলক স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ভোটকেন্দ্ৰলৈ নিয়া হ'ব ।

ব্যক্তিগত চিকিৎসালয়ত থকা আৰু হোম আইছ'লেছনত থকা ৰোগীয়ে নিজা খৰছত পিপিই কিট ক্ৰয় কৰিব লাগিব আৰু ভোটকেন্দ্ৰলৈ যাব লাগিব । ৰাজ্যিক নিৰ্বাচনী আয়োগে নিৰ্দেশ জাৰি কৰিছে যে, তেওঁলোকক লৈ যোৱা বাহনৰ চালকেও পিপিই কিট পৰিধান কৰিব লাগিব ।

লগতে পঢ়ক:ফ্ৰান্সৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ বাবে ভাৰতৰ সমৰ্থনৰ আশ্বাস নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.